মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল LIVE

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 9:21 AM IST

Updated : Mar 14, 2024, 10:20 AM IST

thumbnail

গুৱাহাটী,১৪ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ অধিসূচনা জাৰি হোৱাৰ লগে লগে প্ৰতিবাদত উত্তাল হৈ পৰিছে ৰাজ্য । কা বিতলৰ দাবীত ইতিমধ্যে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে আছু ৷ ইফালে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে 'বিকাশ যাত্রা'ত ব্যস্ত হৈ আছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা । 'বিকাশ যাত্রা'ৰ যোগেদি বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভনী আৰু আধাৰশিলা স্থাপন কৰাৰ মাজতে আজি অৰ্থাৎ বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।এই সংবাদমেলত মুখ্যমন্ত্রীয়ে কেইবাটাও বিষয় দাঙি ধৰিব বুলি জানিব পৰা গৈছে । আনহাতে সংবাদমেলত কেইবাটাও অভিলাষী প্ৰকল্পৰ বিষয়েও অৱগত কৰাৰ সম্ভাৱনা আছে । লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্রীৰ পোনপটীয়া সংবাদমেল । লগতে পঢ়ক: এজন সফল সাংসদৰ কাম প্ৰধানমন্ত্রীক গালি পৰা নহয় : গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্রীৰ

Last Updated : Mar 14, 2024, 10:20 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.