উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়, ছাত্ৰ সমাজ-এবিভিপিৰ মাজত সংঘাত

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 5:47 PM IST

thumbnail

মিৰ্জা,১৮ মাৰ্চ : গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এক অনুষ্ঠানৰ সময়তে তীব্ৰ প্ৰতিবাদ একাংশ ছাত্ৰৰ । আদৰণি গেটৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই । কা ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গান দি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰসকলে । এবিভিপি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজত হোৱা এই সংঘৰ্ষত বিশ্ববিদ্যালয়ৰ প্রায় ৬ গৰাকী শিক্ষাৰ্থী আহত হোৱাৰ খবৰ পোৱা গৈছে ।

আহত শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে এবিভিপি আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ মাজত প্ৰচণ্ড কাজিয়া হয় । এফালে কা বিৰোধী শ্ল'গান আৰু আনফালে জয় শ্ৰীৰাম ধ্বনি শুনা গ'ল বিশ্ববিদ্যালয় চৌহদত । ছাত্ৰ সমাজে এবিভিপিৰ বেনাৰো জ্বলাই দিয়ে । ঘটনাৰ খবৰ পোৱাৰ পিচতে গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হয় যুটীয়া আৰক্ষী আয়ুক্ত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াৰ গাফিলতিৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সন্দেহ ।

লগতে পঢ়ক :কিস্তিৰ ধন বিচাৰি যোৱা ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীক ভয়ংকৰ আক্ৰমণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.