বেংগালুৰুৰ ব্যস্ত কেফেত বিস্ফোৰণ: আহত 10

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 6:48 PM IST

Updated : Mar 2, 2024, 10:11 AM IST

thumbnail

নিউজ ডেস্ক, 1 মাৰ্চ : শুকুৰবাৰে বেংগালুৰুৰ ৰামেশ্বৰম কেফেত এক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই ঘটনাত কমেও দহজন লোক আহত হোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । ঘটনা সংঘটিত হোৱাৰ পাচতে বেংগালুৰু আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নুমুৱাবলৈ আৰম্ভ কৰে ।

চহৰখনৰ কুন্দনাহাল্লিৰ ৰামেশ্বৰম কেফেত সংঘটিত বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ঘটনাটো মধ্যাহ্নভোজনৰ ব্যস্ততাৰ সময়ত সংঘটিত হয় । সেই সময়ত অঞ্চলটোৰ কৰ্মচাৰী আৰু কৰ্মীসকল চহৰখনৰ এই জনপ্ৰিয় কেফেখনলৈ যায় । আনহাতে, ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকল ঘটনাস্থলী ততাতৈয়াকৈ উপস্থিত হয় । "আমি ৰামেশ্বৰম কেফেত এটা চিলিণ্ডাৰ বিস্ফোৰণৰ বিষয়ে ফোনকল লাভ কৰো । লগে লগে এখন অগ্নিনিৰ্বাপক গাড়ী ঘটনাস্থলীলৈ ৰাওনা হয় ।

প্ৰাৰম্ভিক সন্দেহ অনুসৰি এইটো এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা । এইটো এটা সৰু বিস্ফোৰণ আৰু আমি আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰিত কৰিছো । ঘটনাটো দুপৰীয়া 1.30 বজাৰ পৰা 2 বজাৰ ভিতৰত সংঘটিত হয় । আমি বিষয়টো সকলো দিশৰ পৰা অনুসন্ধান কৰি আছো ।" এগৰাকী আৰক্ষী বিষয়াই কয় । এই বিস্ফোৰণটো এলপিজি চিলিণ্ডাৰ বিস্ফোৰণ বুলি কোৱা হৈছে । আনহাতে, বোমা নিষ্কাশনকাৰী দল, এফএছএল আৰু এনআইএৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে আৰক্ষীৰ স্নিফাৰ ডগ দল, ফৰেনচিক বিশেষজ্ঞ আৰু অনুসন্ধানকাৰী দলো ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰিবলৈ উপস্থিত হয় । বিস্ফোৰণৰ খবৰ পোৱা মাত্ৰকে বিষয়াসকলে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলায় । অৱশ্যে বিস্ফোৰণৰ আঁৰৰ সঠিক কাৰণ সংশ্লিষ্ট বিষয়াসকলৰ দ্বাৰা পুংখানুপুংখ অনুসন্ধানৰ পিছতহে জানিব পৰা যাব ।

লগতে পঢ়ক :চেন্নাই সচিবালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; অব্যাহত তালাচী

Last Updated : Mar 2, 2024, 10:11 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.