এই কেইদিনততো শিৱসাগৰৰ ৰাইজে অখিল গগৈক দেখাই নাই: পীযুষ হাজৰীকা - ASSAM BJP JOINING PROGRAM

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 5:27 PM IST

thumbnail

আমগুৰি, 23 মাৰ্চ : যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি বিধানসভা সমষ্টিত বি জে পিৰ বৃহৎ যোগদান কাৰ্যসূচী । প্ৰায় এক হাজাৰ লোকৰ বি জে পিত যোগদান । যোগদান কাৰ্যসূচীত উপস্থিত থাকে সাংসদ তপন গগৈ, মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি বি জে পিৰ বহু শীৰ্ষ নেতা । উল্লেখ্য যে, জিলা নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰি মাত্ৰ কেইটামান মাহ পূৰ্বে আমগুৰি বিধানসভা সমষ্টিৰ গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ সমূহ বিষয়ববীয়াই পদত্যাগ কৰি অংকিতা দত্তৰ নেতৃত্বত বি জে পিত যোগদান কৰিছিল । নেত্ৰীগৰাকীৰ হাজাৰোধিক সমৰ্থকে শনিবাৰে চাৰিং শিৱকান্ত দুৱৰা ৰাজহুৱা ভৱনত বি জে পিত যোগদান কৰে ৷

উক্ত যোগদান কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰীকাই অখিল গগৈ সন্দৰ্ভত কেতবোৰ নেতিবাচক মন্তব্য কৰে ৷ নিৰ্বাচনৰ পূৰ্বে নিজ সমষ্টিটোত অখিল গগৈৰ কোনো ধৰণৰ সক্ৰিয়তাই নাই বুলি তেওঁক কটাক্ষ কৰে ৷ অখিল গগৈৰ সমষ্টিতে বিজেপিয়ে লীড ল’ব বুলিও দাবী কৰে মন্ত্ৰীজনে ৷ তেওঁ লগতে কয় যে দুই গগৈক আঁতৰোৱাৰ ৰাজনীতিতহে সোমাই পৰিছে অখিল গগৈ ৷ কংগ্ৰেছ দলৰ বাবে চুনামি আহিছে আৰু এই চুনামিত কংগ্ৰেছ দল ধ্বংস হ’ব বুলি মত প্ৰকাশ কৰে তেওঁ । বি জে পিয়ে ৩৯০ খন আসন লাভেৰে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব বুলি দাবী কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

লগতে পঢ়ক : বাজপেয়ী ভৱনত কংগ্ৰেছ-আপৰ অৰ্ধশতাধিক নেতাই একেলগে যোগ দিলে বিজেপিত - Assam BJP Joining Program

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.