ETV Bharat / politics

বাজপেয়ী ভৱনত কংগ্ৰেছ-আপৰ অৰ্ধশতাধিক নেতাই একেলগে যোগ দিলে বিজেপিত - Assam BJP Joining program

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 9:29 PM IST

Assam BJP Joining Program: কংগ্ৰেছ-আপৰ ভালেসংখ্যক নেতাই পৰিধান কৰিলে গেৰুৱা বসন । প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, জেষ্ঠ নেতা শৈলেন বৰাই যোগ দিলে বিজেপিত । বিজেপিত যোগদান কৰিলে প্ৰদেশ মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী শ্বেহনাজ য়াছমিন হক, প্ৰাক্তন বিধায়ক ক্লেনদুন ইংতি, প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰ, আম আদমি পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি দশৰথ দাস, কংগ্ৰেছৰ প্ৰজাপতি নন্দন বৰাকে ধৰি বহু কেইজন বিষয়ববীয়াই ।

Assam BJP Joining Program
কংগ্ৰেছ-আপৰ অৰ্ধশতাধিক নেতাৰ বিজেপিত যোগদান

কংগ্ৰেছ-আপৰ অৰ্ধশতাধিক নেতাৰ বিজেপিত যোগদান

গুৱাহাটী, ২২ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই দল বাগৰাৰ ৰাজনীতি আৰম্ভ হৈছে । নিশাটোৰ ভিতৰতে বহু নেতাই সলনি কৰিছে দল । বিশেষকৈ শাসকীয় দল বিজেপিত যোগদানৰ ধুম উঠিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

শুকুৰবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা যোগদান কাৰ্যসূচীত বহুকেইজন নেতাই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । অনুষ্ঠানত সদ্য পদত্যাগী প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা আৰু বৃহস্পতিবাৰে কংগ্ৰেছ ত্যাগ কৰা জেষ্ঠ নেতা শৈলেন বৰাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ।

আনহাতে আজিৰ অনুষ্ঠানত প্ৰদেশ মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা নিখিল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা শ্বেহনাজ য়াছমিন হক, প্ৰাক্তন বিধায়ক ক্লেনদুন ইংতি, প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰ, আম আদমি পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি দশৰথ দাস, কংগ্ৰেছৰ প্ৰজাপতি নন্দন বৰাই বিজেপি দলত যোগদান কৰে । তদুপৰি কংগ্ৰেছ আৰু আপৰ অৰ্ধশতাধিক বিষয়ববীয়াৰ উপৰি কেইবাজনো সমাজকৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগ দিয়ে ।

সকলোকে দলত আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে আদি কৰি কেইবাজনো নেতাই । নতুনকৈ যোগদান কৰাসকলক দললৈ আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ স্বাভিমান আৰু গৰিমা ক্ৰমাৎ বৃদ্ধি পাইছে ।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে উন্নয়নৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে । বিজেপিৰ উন্নয়নমুখী যাত্ৰাত জনতা আজি সুখী বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিত সেৱা কৰাৰ সুবিধা আছে । সেৱা কৰাৰ সুবিধা নোপোৱা বাবেই আজি আন দলৰ নেতা বিজেপিলৈ আহিছে । তেওঁ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰাৰ বাবে দলত কাম কৰি যাবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ।

বিজেপিয়ে অকলে ৩৭০ প্লাছ আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি উল্লেখ কৰি মিত্ৰজোঁটে ৪০০ ৰো অধিক আসন লাভ ইতিহাস ৰচনা কৰিব বুলি তেওঁ কয় । আনহাতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভাষণত কয় যে কংগ্ৰেছত ভাৰতবৰ্ষক ভাল পাব পৰা মানুহ থাকিব নোৱাৰা হ’ল । বিজেপিক বাদ দি আন দল ৰাষ্ট্ৰ সেৱাত ব্যৰ্থ হৈছে বুলি সদৰী কৰি তেওঁ কয় যে প্ৰকৃতাৰ্থত ৰাজনীতি কৰাসকলে ৰাষ্ট্ৰ, সমাজ তথা জনতাৰ সেৱাৰ বাবে নিজকে উৎসৰ্গিত কৰে ।

কিন্তু কংগ্ৰেছ দলত ৰাষ্ট্ৰ সেৱা কৰাৰ পৰিৱেশ নাই বাবেই সকলো আঁতৰি আহিছে । তেওঁ নিজৰ উদাহৰণ সি কয় যে কংগ্ৰেছৰ থকা কাল আৰু বিজেপিৰ সময়ছোৱা আকাশ পাতাল পাৰ্থক্য । কংগ্ৰেছত কাম কৰাৰ পৰিৱেশ নাপালো বুলি সদৰী কৰি তেওঁ কয় যে বিজেপিত হিয়া উজাৰি ৰাইজৰ হকে কাম কৰিব পাৰিছো । কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাসকলক উদ্দেশ্যি তেওঁ কয় যে কংগ্ৰেছী সংস্কৃতি লৈ চলিবলৈ অহাসকল ইয়াত বেছিদিন টিকিব নোৱাৰে । কংগ্ৰেছী সংস্কৃতি ত্যাগ কৰি অহাসকল বিজেপিত বিলীন হৈ গৈছে বুলি তেওঁ কয় ।

বিজেপিত আত্মীয়তা আছে বুলি মন্তব্য কৰি তেওঁ কয় যে বিজেপি দলত পাঁচজন সাংসদক টিকট দিয়া নহ'ল যদিও কোনো এজনে কোনো এটা শব্দ উচ্ছাৰণ নকৰিলে । এয়াই বিজেপিৰ আদৰ্শ বুলি উল্লেখ কৰি তেওঁ কয় যে ব্যক্তিৰ ইয়াত কোনো স্বীকৃতি নাই । প্ৰথমে ৰাষ্ট্ৰ আৰু তাৰ পিচত দলক প্ৰাধান্য দিয়া হয় বুলি তেওঁ কয় ।

শুকুৰবাৰৰ যোগদান কাৰ্যসূচীৰ অনুষ্ঠানতে ডিফু সমষ্টিৰ প্ৰাৰ্থী অমৰছিং টিছ'ক আনুষ্ঠানিকভাৱে দলীয় টিকট প্ৰদান কৰা হয় । আনহাতে অনুষ্ঠানত লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ দলীয় টিকট গ্ৰহণ কৰে বিধায়ক নৱ কুমাৰ দলেই ।

লগতে পঢ়ক: কংগ্ৰেছৰ পাঁচ দশকৰ অভিজ্ঞতা লৈ বিজেপিত যোগদান জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.