নিৰ্বাচনত জয়ী হ'লে আধৰুৱা সকলো কাম সম্পূৰ্ণ কৰিম : তপন কুমাৰ গগৈ - BJP CANDIDATE TOPON KUMAR GOGOI

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 7:50 PM IST

thumbnail

টীয়ক, ২২মাৰ্চ: বিজেপিৰ টীয়ক মণ্ডলৰ উদ্যোগত আজি জাঁজীমুখত দলটোৰ এখনি জনসভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰিবলৈ তথা দেশৰ উন্নয়ন আৰু প্ৰগতি অব্যাহত ৰাখিবলৈ বিজেপিৰ পক্ষত ৰাইজক ভোটাধিকাৰ সাব্য়স্ত কৰিবলৈ আহ্বান জনায় ।

তেওঁ কয় যে বিজেপি দলে তেওঁৰ প্ৰতি আস্থা ৰাখি দ্বিতীয়বাৰলৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । যোৱা সময়ছোৱাত সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আধৰুৱা সকলো কাম নিৰ্বাচনত জয়ী হৈ সম্পূৰ্ণ কৰিব বুলি কয় । সমষ্টিবাসীয়ে তেওঁক বিচাৰি যাব নালাগে, তাৰ পৰিৱৰ্তে প্ৰয়োজন সাপেক্ষে তেওঁৰ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত ৰাইজে পাব বুলি মন্তব্য কৰে । ইপিনে,অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত দুই লক্ষাধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি আত্মবিশ্বাসী বুলি কয় তপন কুমাৰ গগৈয়ে ।

উক্ত সভাত জাঁজীমুখৰ দুই শতাধিক পুৰুষ-মহিলাই বিজেপি দলত যোগদান কৰে । উক্ত সভাত অগপৰ কেন্দ্ৰীয় সম্পাদক বিকাশ শইকীয়া, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন পৰিষদৰ অধ্যক্ষ শান্তনু পূজাৰীকে প্ৰমুখ্য কৰি বিজেপি অগপৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক:তপন গগৈক গৃহ সমষ্টিত উষ্ম আদৰণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.