তপন গগৈক গৃহ সমষ্টিত উষ্ম আদৰণি
Jorhat MP Tapan Gogoi : দিল্লীৰ পৰা আহি গৃহ সমষ্টিত উপস্থিত হোৱা তপন কুমাৰ গগৈক মৰাণত উষ্ম আদৰণি । সমষ্টিত ভৰি দিয়েই তপন কুমাৰ গগৈৰ দাবী, "যোৰহাট লোকসভা সমষ্টিত আমি বিপুল ভোটত জয়ী হ'ম ।"

Published : March 7, 2024 at 4:11 PM IST
মৰাণ, ৭ মাৰ্চ : দলীয় প্ৰাৰ্থিত্ব লাভৰ পাচত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে দিল্লীৰ পৰা আহি গৃহ সমষ্টিত প্ৰৱেশ কৰা সাংসদ তপন কুমাৰ গগৈক মৰাণত উষ্ম আদৰণি জনায় দলীয় নেতা-কৰ্মীসকলে ৷
বৃহস্পতিবাৰে দুপৰীয়া মৰাণৰ শ্ৰীসিদ্ধি হনুমান মন্দিৰৰ সন্মুখত উপস্থিত হোৱাৰ পাচতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচা, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, অগপৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াৰ লগতে বিজেপিৰ যুৱ মৰ্চা, মহিলা মৰ্চা, কৃষক মৰ্চাকে ধৰি বিভিন্ন মৰ্চাৰ বিষয়ববীয়াসকলে উষ্ম আদৰণি জনায় ৷
আনহাতে, সমষ্টিত ভৰি দিয়েই পুনৰবাৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাত প্ৰধানমন্ত্ৰীৰ লগতে বিজেপিৰ নেতৃবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰে । লগতে যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজেপি দলে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলিও দাবী কৰে সাংসদ তপন কুমাৰ গগৈয়ে ৷ আনহাতে, বিৰোধী দলে এতিয়ালৈকে প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে কোনো প্ৰাৰ্থীকে দলে সহজভাৱে নলয় ৷ বৰ্তমান ৰাইজৰ বিজেপি দলৰ ওপৰত আস্থা আছে বুলি উল্লেখ কৰি বিজেপি দলৰ জয় নিশ্চিত বুলিও মন্তব্য কৰে তপন কুমাৰ গগৈয়ে ।
ইফালে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে সাংসদগৰাকীয়ে । লাচিত বৰফুকনক বিশ্ববাসীৰ ওচৰত চিনাকি কৰি দিবলৈ এই কাৰ্যসূচী লোৱা হৈছে বুলি তেওঁ কয় । ইয়াৰ উপৰি প্ৰতিমূৰ্তি উন্মোচনী দিনটোত যাতে কোনেও অন্য কাৰ্যসূচী হাতত নলয়, তাৰ বাবেও সকলোকে আহ্বান জনায় সাংসদগৰাকীয়ে ।
লগতে পঢ়ক :১০৫ টা বিধানসভা সমষ্টিত কাৰো মাতেই নাই, গজাল মাৰি দিয়া হৈছে : মুখ্যমন্ত্রী

