সংখ্যালঘু-সংখ্যাগুৰু দুয়ো মিলি কৰিব ভাৰতক বিশ্বগুৰু: দিলীপ শইকীয়া - Lok Sabha Election Assam

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 5:16 PM IST

thumbnail

ৰঙিয়া,২১ মাৰ্চ: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰতা বৃদ্ধি পাইছে প্ৰতিটো ৰাজনৈতিক দলৰ । হাত সাবটি বহি থকা নাই শাসকীয় দল বিজেপি । নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে বৰ্তমান মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা দৰং-ওদালগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই । অগপ, ইউপিপিএলক লগত লৈ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ সংখ্যালঘু অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভা । নিৰ্বাচনী প্ৰচাৰ চলাই দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য ।  

"ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনি শক্তি একেশ্বৰ । তিনি শক্তি আমি একলগ হৈছোঁ । অগপ, ইউপিপিএল, বিজেপি তিনি শক্তি একলগ হৈ আগন্তুক দিনত আমি এই বৰঘুলি মণ্ডলৰ পৰা সৰ্বাংগীন ভোট দিয়াব লাগিব । ৯০ শতাংশ ভোট বঢ়াব লাগিব ।" বৰঘুলি মণ্ডলত প্ৰায় ৩২ হাজাৰ ভোট আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰঘুলি মণ্ডলত বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৰ ভোট বেছি আছে । ইছলামধৰ্মী লোকসকলে স্বতস্ফুৰ্তভাৱে ওলাই আহিছে বুলি তেওঁ উল্লেখ কৰে ‌। এইসকল লোকে এইবাৰ উন্নয়নৰ ৰাজনীতিত সমৰ্থন কৰি গণতান্ত্ৰিক অধিকাৰ এন ডি এৰ পক্ষত থাকি সাব্যস্ত কৰিব বুলি তেওঁ দাবী কৰে । সংখ্যালঘু আৰু সংখ্যাগুৰু দুয়ো মিলি ভাৰতক বিশ্ব গুৰু কৰিব বুলি তেওঁ আশাবাদী । ইফালে প্ৰচাৰ সভাত লোকসকলৰ সঁহাৰি দেখি অভিভূত হৈ পৰে দিলীপ শইকীয়াই ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনত ‘কা'ৰ প্ৰভাৱ নপৰে: সাংসদ দিলীপ শইকীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.