আহোমসকলক জনগোষ্ঠীকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী - আটাছুৰ বাইক ৰেলী

🎬 Watch Now: Feature Video

thumbnail
আহোমসকলক জনগোষ্ঠীকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 7:12 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ, 20 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ পুনৰ জনজাতিকৰণৰ দাবীত মঙলবাৰে আটাছুৱে প্ৰতিবাদ সাব্যস্ত কৰে । আজি শিৱসাগৰ জিলাৰ মাজমজিয়াত আটাছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কেইবা শতাধিক আটাছু কৰ্মীয়ে কঁপাই তোলে শিৱসাগৰ জিলাৰ আকাশ বতাহ ৷ শিৱসাগৰ জিলাৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা শিৱসাগৰ নগৰৰ মাজমজিয়াৰে এই প্ৰতিবাদ ৰেলীটো উলিওৱা হয় ৷ 

আহোম জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী, জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীৰে আটাছুৱে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৰ নেতাসকলে অভিযোগ কৰি কয় যে, চৰকাৰে প্ৰৱঞ্চনা, প্ৰতাৰণা কৰিছে ৷ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীত কাম কৰিছে চৰকাৰে ৷ এতিয়া আহোম জনগোষ্ঠীয়ে ককালত টঙালী বান্ধিছে, আগন্তক লোকসভা নিৰ্বাচনত আহোম জনগোষ্ঠীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব। জনজাতিকৰণ বিষয়টো চৰকাৰে নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ আগন্তুক নিৰ্বাচন চৰকাৰ ললিপ’প গিলাৰ সময় নহয় চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ বুলি হুংকাৰ দিয়ে সংগঠনটোৰ নেতাসকলে ।

লগতে পঢ়ক: বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details