আহোমসকলক জনগোষ্ঠীকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 7:12 PM IST

thumbnail

শিৱসাগৰ, 20 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ পুনৰ জনজাতিকৰণৰ দাবীত মঙলবাৰে আটাছুৱে প্ৰতিবাদ সাব্যস্ত কৰে । আজি শিৱসাগৰ জিলাৰ মাজমজিয়াত আটাছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কেইবা শতাধিক আটাছু কৰ্মীয়ে কঁপাই তোলে শিৱসাগৰ জিলাৰ আকাশ বতাহ ৷ শিৱসাগৰ জিলাৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা শিৱসাগৰ নগৰৰ মাজমজিয়াৰে এই প্ৰতিবাদ ৰেলীটো উলিওৱা হয় ৷ 

আহোম জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী, জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীৰে আটাছুৱে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৰ নেতাসকলে অভিযোগ কৰি কয় যে, চৰকাৰে প্ৰৱঞ্চনা, প্ৰতাৰণা কৰিছে ৷ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীত কাম কৰিছে চৰকাৰে ৷ এতিয়া আহোম জনগোষ্ঠীয়ে ককালত টঙালী বান্ধিছে, আগন্তক লোকসভা নিৰ্বাচনত আহোম জনগোষ্ঠীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব। জনজাতিকৰণ বিষয়টো চৰকাৰে নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ আগন্তুক নিৰ্বাচন চৰকাৰ ললিপ’প গিলাৰ সময় নহয় চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰ বুলি হুংকাৰ দিয়ে সংগঠনটোৰ নেতাসকলে ।

লগতে পঢ়ক: বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.