মৰিয়নীত আৰক্ষী আৰু CRPF ৰ অভিযানত উৎখাত ড্ৰাগছৰ ঘাটি; আটক 2 সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 7:38 AM IST

thumbnail

যোৰহাট, ২১ মাৰ্চ : মৰিয়নীত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । বুধবাৰে মৰিয়নী হেঙুল থিয়েটাৰৰ সমীপৰ যোগেন্দ্ৰ সিং নামৰ লোকজনৰ বাসগৃহত তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰিৰ নেতৃত্বত চলায় অভিযান । আৰক্ষীৰ অভিযানত যোগেন্দ্ৰ সিং নামৰ লোকজনৰ বাসগৃহৰ পৰা নিষিদ্ধ ড্ৰাগছৰ লগতে বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, তিতাবৰ মহকুমা আৰক্ষী বিষয়া নেতৃত্বত থকা আৰক্ষী আৰু ১১৯ নং চি আৰ পি এফ বেটেলিয়নৰ যৌথ সহযোগত মৰিয়নী ৰে’ল ষ্টেচনৰ পৰা দীনেশ দাস নামৰ এটা আন এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দীনেশৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰিয়নীৰ যোগেন্দ্ৰ সিঙৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলায় । অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰাৰ লগতে নগদ ৪০ হাজাৰ টকা জব্দ কৰে আৰক্ষীৰ দলটোৱে ।

জানিব পৰা মতে, ডিমাপুৰৰ বাসিন্দা দীনেশ দাসৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰিছিল ব্যৱসায়ী যোগেন্দ্ৰ সিঙে । মৰিয়নীত ড্ৰাগছ সৰবৰাহকাৰী দীনেশৰ সহযোগত যোগেন্দ্ৰ সিঙে দীৰ্ঘ দিনৰ পৰা চলাই আছিল ড্ৰাগছৰ বেহা । মৰিয়নী নগৰৰ হেঙুল থিয়েটাৰৰ সমীপত পাঞ্জাব ডিলাইট নামৰ ফাষ্ট ফুড প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী যোগেন্দ্ৰ ।

ইতিমধ্যে আৰক্ষীয়ে ধৃত যোগেন্দ্ৰ সিং আৰু দীনেশ দাসক সোধ-পোছ অব্যাহত ৰাখিছে । ধৃত যোগেন্দ্ৰ সিং আৰু দীনেশ দাসে কাষৰীয়া ৰাজ্য নাগালেণ্ডলৈ এই ড্ৰাগছৰ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : গোলাঘাটত ড্ৰাগছ আসক্ত পুত্ৰই ঘপিয়াই হত্যা কৰিলে পিতৃক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.