ডিব্ৰুগড়ত অসম আৰক্ষী ফুটবল প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 8:48 AM IST

thumbnail

ডিব্ৰুগড়,১৮ ফেব্ৰুৱাৰী: অসম আৰক্ষীক সংস্কাৰ কৰা বাবে অধিক তৎপৰ হৈছে ৰাজ্য চৰকাৰ । প্ৰতিজন আৰক্ষী বিষয়া জোৱানৰ ব্যৱহাৰ ঠিক কৰাৰ পৰা সু-স্বাস্থ্যৰ অধিকাৰী কৰালৈকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ গৃহ বিভাগে । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ উল্টলস্থিত ১৯ নং অসম আৰক্ষী বাহিনীৰ খেলপথাৰত ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় অসম পুলিচ ক্ৰীড়া সমাৰোহৰ ফুটবল প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত ৰাজ্যখনৰ ৭টা আৰক্ষী আৰু ৪ টা কমাণ্ডো বাহিনী সহ সৰ্বমুঠ ১১ টা ফুটবল দলে অংশগ্ৰহণ কৰে ।  

১৫ ফেব্ৰুৱাৰীৰ প্ৰতিযোগিতাৰ প্ৰথম দিনা পুলিচ ক্ৰীড়া সমাৰোহৰ ফুটবলৰ দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ অসম আৰক্ষীৰ উত্তৰ পূৱ মণ্ডলৰ মহাপৰিদৰ্শক জিৎমল দলেয়ে উদ্বোধন কৰে । লগতে শনিবাৰে সামৰণি অনুষ্ঠানত ভিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ লগতে ১৯ নং অসম আৰক্ষী বাহিনীৰ কমাণ্ডেন্ট গায়ত্ৰী কোঁৱৰ উপস্থিত থাকে। অন্তিম দিনৰ এই লীগৰ চাৰিখন মেচ অনুষ্ঠিত হয় । ১৯ নং অসম আৰক্ষী বাহিনীৰ খেলপথাৰত কোৱাটাৰ ফাইনেলৰ মেচ কেইখনেৰে সমাপ্ত কৰা যদিও পৰৱৰ্তী চেমি ফাইনেল আৰু ফাইনেল মেচখন দেৰগাঁৱস্থিত অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে আৰক্ষী বিষয়াসকলে ।

লগতে পঢ়ক: ৰাজ্যখনত নিৰ্মাণ কৰা হ’ব আৰু ছয়খন ছুপাৰস্পেচিয়েলিটি হাস্পতাল : কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.