নগাঁৱত বেডমিণ্টন খেলুৱৈৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 1:44 PM IST

thumbnail

নগাঁও, ২৫ ফেব্ৰুৱাৰী : সন্মুখত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেইবাটাও উন্নয়নমূলক আঁচনিৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰিবলৈ দেওবাৰে পুৱাই নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পুৱাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নগাঁৱত উপস্থিত হৈ শুভ উদ্বোধন কৰে নুৰুল অমিন ষ্টেডিয়ামৰ ইন্দোৰ ষ্টেডিয়াম ।

এই ইন্দোৰ ষ্টেডিয়াম উদ্বোধন কৰি কেক কটাৰ লগতে নগাঁৱৰ নুৰুল অমিন ষ্টেডিয়ামৰ আন্তঃগাঁথনিৰ বাবে ৰাজ্য চৰকাৰে পৰ্যাপ্ত ধন মোকোলাই দিয়াৰ কথা ঘোষণা কৰে ড৹ শৰ্মাই । নগাঁও ক্ৰীড়া সন্থাৰ লগতে উপস্থিত ক্ৰীড়া প্ৰেমীক উদ্দেশ্যি ভাষণ দিয়াৰ পিচতেই বেডমিণ্টন খেলুৱৈৰ ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰীগৰাকীক ।

বিধায়ক ৰূপক শৰ্মাৰ সৈতে কিছু সময় বেডমিণ্টন খেলিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ আজি এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব বুলি কয় নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই । ইয়াৰোপৰি নগাঁও আৱৰ্ত ভৱনৰ সমীপৰ মুকলি থিয়েটাৰ আৰু খাদ্য জুপুৰি আৰু ৱাকিং জ’ন উদ্বোধন কৰাৰ পিচত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

দুপৰীয়া নগাঁও মৰিকলংস্থিত বিজেপিৰ জিলা কাৰ্যালয়তো উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড৹ শৰ্মা ।

লগতে পঢ়ক: দেওবাৰে কেইবাটাও কাৰ্যসূচীৰে নগাঁৱলৈ মুখ্যমন্ত্ৰী 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.