ETV Bharat / politics

দেওবাৰে কেইবাটাও কাৰ্যসূচীৰে নগাঁৱলৈ মুখ্যমন্ত্ৰী

Himanta Biswa Sarma: নগাঁওবাসীৰ বাবে কেবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সম্বোধন কৰিব জনসভা । দেওবাৰে দিনটো নগাঁৱতে থাকিব থাকিব মুখ্যমন্ত্ৰীগৰাকী ।

Himanta Biswa Sarma in Nagaon
নগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : February 24, 2024 at 10:12 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও, 24 ফেব্ৰুৱাৰী: সন্মুখত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেবাটাও উন্নয়নমূলক আঁচনিৰ উদ্ধোধন, আধাৰশিলা স্থাপন কৰিবলৈ দেওবাৰে পুৱাই নগাঁৱত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

  • " class="align-text-top noRightClick twitterSection" data="">

পুৱা ৯:৩৫ বজাত হেলিকপ্টাৰেৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড৹ শৰ্মা । ৯:৪৫ বজাত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ আটকধুনীয়াকৈ নিৰ্মাণ কৰা ইনড’ৰ ষ্টেডিয়ামৰ শুভ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তাৰ পিচতেই পুৱা ১০ বজাত নুৰুল আমিন ষ্টেডিয়ামৰ পৰা বেবেজিয়ালৈ ৰাওনা হৈ বেবেজিয়াৰ পালনাম থানত উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকী । ১০:৩০ বজাত বেবেজিয়াৰ পৰা লক্ষীনগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ গৌৰৱ পথ আঁচনিৰ অধীনত এটা পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

পুৱা ১১ বজাত উদ্বোধনী কাৰ্যসূচীৰ বাবে নগাঁৱৰ প্ৰণৱ বৰুৱা কলাকেন্দ্ৰত উপস্থিত হৈ উদ্বোধন কৰিব শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ । ইয়াৰোপৰি প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া নগাঁও আৱৰ্ত ভৱনৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰোপৰি নগাঁও আৱৰ্ত ভৱনৰ সমীপৰ মুকলি থিয়েটাৰ আৰু খাদ্য জুপুৰি উদ্বোধন, ৱাকিং জ’ন উদ্বোধন কৰাৰ পিচত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । দুপৰীয়া ডেৰ মান বজাত নগাঁও মৰিকলংস্থিত বিজেপিৰ জিলা কাৰ্যালয়তো উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড৹ শৰ্মা ।

জিলা বিজেপি কাৰ্যালয়ৰ পৰা দুপৰীয়া ২:১৫ বজাত বঢ়মপুৰত উপস্থিত হৈ বঢ়মপুৰৰ শ্বহীদ ঠগী সুত ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত ভাষণ দিয়াৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণৰ পিচত বুঢ়মপুৰৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হ’ব । দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কাৰ্যসূচীত সংগ দিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।

লগতে পঢ়ক: 22 ফেব্ৰুৱাৰী পাৰ হ’ল, কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাম মন্দিৰলৈ নগ’ল অসমৰ মন্ত্ৰীসকল