উন্মোচন কৰা হ’ল মাৰ্চ মাহৰ বিজেপি বাৰ্তা

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:26 PM IST

thumbnail

গুৱাহাটী, ১ মার্চ: ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ মাহেকীয়া মুখপত্ৰ ‘অসমীয়া বিজেপি বার্তা’ৰ মাৰ্চ মাহৰ সংস্কৰণটো আজি দলৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত উন্মোচন কৰা হয় । ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই মাৰ্চ মাহৰ সংস্কৰণটো উন্মোচন কৰি কয় যে ‘অসমীয়া বিজেপি বার্তা’ বিগত সাতটা বছৰ ধৰি ধাৰাবাহিকভাবে প্ৰকাশ হৈ আহিছে ।

দলৰ মুখপত্ৰখনে প্ৰতিটো সংখ্যাতে ভাৰতীয় জনতা পাৰ্টীৰ নীতি-দৰ্শনৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দৃষ্টান্তমূলক কাম, সেৱা আৰু আঁচনিসমূহৰ বিভিন্ন ইতিবাচক দিশ সন্নিৱিষ্ট কৰি সৰ্বসাধাৰণ ৰাইজৰ মাজত আলোকপাত কৰি আহিছে বুলি বৰুৱাই উল্লেখ কৰে ।

সম্প্ৰতি ডিজিটেল মাধ্যমত উপলব্ধ অসমীয়া বিজেপি বার্তাৰ দ্বাৰা দলীয় কাৰ্যকৰ্তাৰ লগতে সকলো স্তৰৰ পঢ়ুৱৈ উপকৃত হ'ব পাৰিব বুলি মুখ্য মুখপাত্ৰজনে কয় । ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে আঁতধৰা অনুষ্ঠানটোত বিজেপি বাৰ্তাৰ সম্পাদক জিতেন শর্মা, ৰাজ্যিক কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাৰ লগতে দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

লগতে পঢ়ক: নিবাৰ্চন আহিল: শোণিতপুৰৰ পৰা দিল্লীলৈ যাব কোন ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.