কটকটীয়া নিৰাপত্তাৰ মাজেৰে দিল্লীলৈ নিয়া হ'ল ধৃত দুই আইছিছ নেতাক - ISIS leaders arrested

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 7:40 PM IST

thumbnail

মিৰ্জা, 21 মাৰ্চ : বুধবাৰে ধুবুৰীৰ ধৰ্মশালাত গ্ৰেপ্তাৰ কৰা হয় আইছিছ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকীসহ তেওঁৰ সহযোগী পানীপটৰ অনুৰাগ সিঙক ৷ ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চলত আইছিছৰ দৰে উগ্ৰপন্থী সংগঠনৰ দুই শীৰ্ষ নেতা গ্ৰেপ্তাৰৰ পিচতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । 

ইয়াৰ পিচতেই বৃহস্পতিবাৰে সন্ধিয়া দিল্লীলৈ লৈ যোৱা হয় মষ্ট ৱান্টেড দুয়োগৰাকী আইছিছৰ শীৰ্ষ নেতাক । আজি গুৱাহাটীৰ আদালতত হাজিৰ কৰাই দুয়োকে আৰক্ষীয়ে জিম্মাত লৈ প্ৰেৰণ কৰিছে দিল্লীলৈ ৷ দিল্লীত NIA ক চমজাই দিয়া হ'ব দুই আইছিছ নেতাক । আজি আৰক্ষী, NIA, CISF ৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত AIR INDIA ৰ বিমানযোগে বৰঝাৰৰ পৰা লৈ যোৱা হয় দুয়োকে । 

জানিব পৰা মতে, হাৰিছ ফাৰুকী আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সৈতে সংযোগ থকাৰ কথা পোহৰলৈ আহিছে ৷

লগতে পঢ়ক: 'নিয়া'ই বিচাৰি ফুৰা ISIS ৰ দুই দুধৰ্ষ শীৰ্ষ নেতা ধৰা পৰিল ধুবুৰীত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.