ETV Bharat / state

'নিয়া'ই বিচাৰি ফুৰা ISIS ৰ দুই দুধৰ্ষ শীৰ্ষ নেতা ধৰা পৰিল ধুবুৰীত - ISIS LEADERS ARRESTED IN ASSAM

ISIS leaders arrested : ভাৰত-বাংলা সীমান্তৱৰ্তী ধুবুৰীৰ ধৰ্মশালাৰ পৰা ISISৰ দুই দুৰ্ধৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইতিমধ্যে NIA ৰ হাতত যো-জা চলিছে নেতাদ্বয়ক ৷

ISIS leaders arrested
ধুবুৰীত গ্ৰেপ্তাৰ দুই দুৰ্ধৰ্ষ ISISৰ দুধৰ্ষ নেতা
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 10:40 PM IST

Updated : March 21, 2024 at 11:52 AM IST

3 Min Read

ধুবুৰী, 20 মাৰ্চ : ধুবুৰীত গ্ৰেপ্তাৰ হ’ল ISISৰ দুই দুৰ্ধৰ্ষ নেতা ৷ ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চলত ISIS ৰ দৰে উগ্ৰপন্থী সংগঠনৰ দুই শীৰ্ষ নেতা গ্ৰেপ্তাৰৰ পিচতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

অসম আৰক্ষীৰ আই জি পি পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত অসম আৰক্ষীৰ STF ৰ দল এটাই ধুবুৰীত বাহৰ পাতি থাকি ধৰ্মশালা অঞ্চলত গোপনে অভিযান চলাইছিল । অসম আৰক্ষীৰ STF ৰ বৃহৎ দলে 19 মাৰ্চৰ সন্ধিয়া গুৱাহাটীৰ পৰা আহি ধুবুৰীত উপস্থিত হয় । প্ৰায় 7/8 ঘণ্টা বাহৰ পাতি থাকি বুধবাৰে পুৱা প্ৰায় 4.30 মান বজাত ধৰ্মশালা অঞ্চলৰ পৰা আটক কৰে ISIS ৰ দুই শীৰ্ষ নেতাক। তাৰ পিচতেই গুৱাহাটী STF ৰ কাৰ্যালয়লৈ নিয়া হয় ধৃত নেতাদ্বয়ক।

পৰৱৰ্তী সময়ত NIA ৰ হাতত চমজাই দিয়া হয় নেতাদ্বয়ক । ইপিনে দুয়োৰে বিৰুদ্ধে পূৰ্বেই NIA ত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰা হয় । তথ্য অনুসৰি, বাংলাদেশৰ পৰা ISIS ৰ দুই শীৰ্ষ নেতাদ্বয়ে ধুবুৰীত প্ৰৱেশ কৰিছিল। তেনে সময়তে STF ৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় দুয়োকে ৷ ধৃত দুজনৰ ভিতৰত এজন হৈছে দেৰাদুনৰ ছক্ৰতাৰ হাৰিছ ফাৰুকী ওৰফে হাৰিছ আজমল ফাৰুকী আৰু আনজন হৈছে তেওঁৰ সহযোগী নেতা অনুৰাগ সিং। হাৰিছ ফাৰুকী ওৰফে হাৰিছ আজমল ফাৰুকী হৈছে ISISৰ ভাৰত শাখাৰ মুৰব্বী ।

ইপিনে অনুৰাগ সিঙে ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণৰ পিচত বাংলাদেশী এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ বাংলাদেশত আশ্ৰয় লৈ আছিল ৷ তথ্য অনুসৰি, ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হৈ বিভিন্ন কূটাঘাতমূলক কাৰ্য আৰু সদস্য ভৰ্তি অভিযান চলোৱাৰ বাবে বিভিন্ন ব্লুপ্ৰিণ্ট ৰচনা কৰি ভাৰত তথা অসমৰ ভূমিত প্ৰৱেশ কৰিছিল ।

দুয়ো ভাৰতত ISISৰ কাৰ্যকলাপ চলাই নিয়াৰ ষড়যন্ত্ৰ কৰিবলৈ অসমত প্ৰৱেশ কৰে আৰু কেইবাটাও ঠাইত নিযুক্তি, সন্ত্ৰাসবাদী পুঁজি আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছিল বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ দুয়োৰে বিৰুদ্ধে NIA, দিল্লী ATS, লক্ষ্ণৌ আদিত কেইবাটাও গোচৰ ৰুজু হৈ থকাৰ তথ্য প্ৰকাশ কৰা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা ৷

উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে ISIS ৰ দৰে উগ্ৰপন্থী সংগঠনে ভাৰত তথা অসমভূমিত সন্ত্ৰসবাদৰ কাৰ্যকলাপ চলোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে । এতিয়া আৰক্ষী আৰু নিয়াৰ তদন্তৰ পিচত আৰু কি কি তথ্য পোহৰলৈ আহে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: ইডিৰ অভিযানৰ‌ পিছত কোম্পানীয়ে নিৰ্বাচনী বণ্ড ক্ৰয় কৰি বিজেপিক ধন দিয়ে :জীতেন্দ্ৰ সিং

Last Updated : March 21, 2024 at 11:52 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.