অংগনৱাড়ী কৰ্মীৰ ভোট বর্জনৰ হুংকাৰ, তেজপুৰত উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 10:11 PM IST

thumbnail

তেজপুৰ, 6 মাৰ্চ : তেজপুৰৰ ৰাজপথত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ ৷ নিজৰ প্ৰাপ্য মজুৰীৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে ৷ চি আই টি ইউৰ সহযোগত শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই তেওঁলোকৰ নূন্যতম মজুৰি বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী জনায় ৷  

প্ৰতিবাদকাৰী সকলে কয় যে, চৰকাৰে যদি তেওঁলোকৰ দাবী মানি নলয় তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত 1 লাখ 21 হাজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকাই চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব ৷ তেওঁলোকে কয় যে, এই 1 লাখ 21 হাজাৰ কৰ্মী-সহায়িকাৰ ঘৰত থকা প্ৰতিজন ভোটাৰে চৰকাৰক আহি থকা নিৰ্বাচনত জবাবদিহি কৰিব ৷ লগতে নাৰীৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে, কিন্ত সমান্তৰালভাৱে নাৰীক বঞ্চিত কৰি আহিছে বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক : উচ্ছেদ চলাই সম্প্ৰসাৰণ হ’বলৈ নিদিয়ে পবিতৰা: মায়ঙত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.