৬ এপ্ৰিলত গুৱাহাটীলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব অমিত শ্বাহ - Lok sabha election 2024

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 10:33 PM IST

thumbnail

মৰাণ, 25 মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে অধিক তৎপৰ হৈছে শাসক দল বিজেপি । সমষ্টিয়ে সমষ্টিয়ে বাহৰ পাতি ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলে চলাইছে মাৰাথন প্ৰচাৰ অভিযান । ইফালে মঙলবাৰৰ পৰা বিজেপি প্ৰাৰ্থী সকলৰ মনোনয়ন দাখিল পৰ্ব আৰম্ভ কৰিছে । সন্ধিয়া ডিব্ৰুগড়ৰ বিজেপিৰ নিৰ্বাচনী অস্থায়ী কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে 6 এপ্ৰিলত গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । 

অচিৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত প্ৰচাৰ চলাবলৈ অহাৰ সম্ভাৱনা আছে যদিও তাৰিখ ঠিক হোৱা নাই বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে বিজেপিৰ কেন্দ্ৰীয় সভাপতিৰ জে পি নাড্ডাকো নিৰ্বাচনী প্ৰচাৰৰ বাবে নিমন্ত্ৰণ জনোৱা বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । 

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বিজেপি দল বৰ্তমান যথেষ্ট শক্তিশালী । মোদীক আশীৰ্বাদ দিবলৈ ৰাইজ ৰৈ আছে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী-দলীয় সভাপতিক কাষত লৈ মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.