ফৰকাটিঙত আৰক্ষীৰ বিৰুদ্ধে অপৰাধীৰ লগত মিতিৰালিৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 8:44 PM IST

thumbnail

গোলাঘাট, ২০ জানুৱাৰী : গোলাঘাট জিলাৰ ফৰকাটিং আৰক্ষী চকীৰ অন্তৰ্গত একাংশ গাঁৱত ড্ৰাগছ, সুৰা, জুৱা অবাধ গতিত চলাৰ পিছতো চকু মুদা কুলিৰ ভাৱত অবতীৰ্ণ হৈছে আৰক্ষী । অপৰাধীৰ লগত মিতিৰালি কৰি ৰক্ষকে ভক্ষক হোৱাৰ অভিযোগ ফৰকাটিং আৰক্ষীৰ বিৰুদ্ধে । ক্ষুব্ধ হৈ ফৰকাটিং আৰক্ষীৰ বিৰুদ্ধে গোলাঘাটৰ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দিলে ফৰকাটিং প্ৰগতি মহিলা সমিতিয়ে ।

উত্থাপিত অভিযোগ অনুসৰি বিশেষকৈ আৰক্ষী চকীখনত দুবছৰ ধৰি কৰ্মৰত কনিষ্টবল প্ৰণৱ শইকীয়াই অবৈধ মদৰ ঘাটিৰ পৰা ধন সংগ্ৰহ কৰি আহিছে । ইফালে, এই সন্দৰ্ভত কনিষ্টবল প্ৰণৱ শইকীয়াই বিষয়টো অস্বীকাৰ কৰি এই সম্পৰ্কে তেওঁ অৱগত নহয় বুলি কয় । গোলাঘাটত আৰক্ষী চকীৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । 

লগতে পঢ়ক:বুজন পৰিমাণৰ ড্ৰাগছসহ মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.