বিজেপি চৰকাৰৰ বিৰুদ্ধে বৰডুমচাত আছাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 3:28 PM IST

thumbnail

তিনিচুকীয়া, ২৬ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচন সমাগত । সকলো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে লোকসভা নিৰ্বাচনক লৈ । তেনে সময়তে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জাঙুৰ খাই উঠিছে বিজেপি দলৰ বিৰুদ্ধে । ইতিমধ্যে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিজেপি বৰ্জন কাৰ্যসূচীৰে পোষ্টাৰিং কাৰ্যসূচী আৰু সজাগতা সভা আৰম্ভ কৰিছে আছাই ।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচনী সভাত বিজেপি দলে দেশত শাসনত আহিলে ১০০ দিনৰ ভিতৰত আদিবাসী জনগোষ্ঠীক জনজাতি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু আজি বিজেপি দলে দেশত শাসন কৰা ১০ টা বছৰ সম্পূৰ্ণ হোৱা পিচতো প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাত ক্ষোভিত হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা ।

দেওবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰডুমচা আঞ্চলিক সমিতিয়ে ভোট বৰ্জন নহয় বিজেপি বৰ্জন কাৰ্যসূচীৰে বৰডুমচা ২নং কানাই পথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰে এক বৃহৎ সজাগতা সভা । সজাগতা সভাতে ভোট বৰ্জন নহয়, বিজেপি বৰ্জন লিখা বিভিন্ন দাবী সম্বলিত পোষ্টাৰ বিতৰণ কৰে জনসাধাৰণৰ মাজত ।

আছাৰ দাবীসমূহ ক্ৰমে- আদিবাসী জনগোষ্ঠীক নিৰ্বাচনৰ আগমুহূৰ্তত জনজাতিৰ স্বীকৃতি প্ৰদান কৰা, ভূমি পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা, চাহ বাগিচাসমূহৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰি শিক্ষকসকলৰ মজুৰি বৃদ্ধি কৰা । এই দাবীসমূহ নিৰ্বাচনৰ আগত বিজেপি চৰকাৰে মানি নল’লে ভোট বৰ্জন নহয়, বিজেপিক বৰ্জন কৰাৰ সমান্তৰালকৈ চাহ বাগিচাসমূহৰ লগতে আদিবাসী অধ্যুষিত এলেকাত বিজেপিক নিষিদ্ধ কৰিছে সংগঠনটোৱে ।

লগতে পঢ়ক : মুছলমান বিবাহ আইন খাৰিজক লৈ উত্তাল বিধানসভা, সদনৰ বাহিৰত এআইইউডিএফৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.