ETV Bharat / state

মুছলমান বিবাহ আইন খাৰিজক লৈ উত্তাল বিধানসভা, সদনৰ বাহিৰত এআইইউডিএফৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 2:44 PM IST

AIUDF MLA protest
সদনৰ বাহিৰত এআইইউডিএফৰ প্ৰতিবাদ

AIUDF MLA protest: অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ খাৰিজ সন্দৰ্ভত সদনত আলোচনা কৰিব বিচাৰিছিল এআইইউডিএফ দলৰ বিধায়কে । কিন্তু আলোচনাৰ সুবিধা নোপোৱাত সদন ত্যাগ বিধায়কসকলৰ । একপক্ষীয় সিদ্ধান্তৰ অভিযোগেৰে বিধানসভাৰ বাহিৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত এআইইউডিএফৰ ।

মুছলমান বিবাহ আইন খাৰিজক লৈ উত্তাল বিধানসভা

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ খাৰিজ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল । লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে চলিত অসম বিধানসভাৰ অধিবেশনতো ইয়াৰ প্ৰতিক্ৰিয়া স্পষ্ট হৈছে । এই বিষয়ক লৈ বিধানসভাৰ বাজেট অধিবেশনৰ শেষৰ দিনটো সদনত উত্তাল‌ পৰিৱেশৰ সৃষ্টি হয় ।

অসম কেবিনেটত যোৱা শুকুৰবাৰে এই আইনখন খাৰিজ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সোমবাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত বক্তব্য ৰাখি আইনখন খাৰিজ কৰা বুলি বিধানসভাত ঘোষণা কৰে । লগে লগে বিৰোধীৰ বিধায়কসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । এআইইউডিএফৰ বিধায়কসকলে সদন উত্তাল‌ কৰি তোলে ।

এআইইউডিএফৰ বিধায়কসকলে অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ খাৰিজৰ বাবে সভা স্থগিত ৰখা প্ৰস্তাৱ উত্থাপন কৰে ৷ কিন্তু এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষই অনুমতি প্ৰদান নকৰিলে । যাৰ বাবে এআইইউডিএফৰ বিধায়কসকল ক্ষোভিত হয় আৰু সদন ত্যাগ কৰে । ইয়াৰ পিচত বিধানসভাৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত এআইইউডিএফৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ জৰিয়তে বিধায়কসকলে এই আইন খাৰিজৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ।

বিধায়ক কৰিমউদ্দিন বৰভূঞা, ৰফিকুল ইছলাম, আশ্ৰাফুল হুছেইনকে ধৰি এআইইউডিএফৰ বিধায়কসকলে চৰকাৰক তীব্ৰ সমালোচনাও কৰে । বিধায়কসকলে সংবাদমাধ্যমৰ সন্মুখত কয় যে চৰকাৰৰ এয়া সাম্প্ৰদায়িক সিদ্ধান্ত । তেওঁলোকে অভিযোগ কৰামতে চৰকাৰৰ এই সিদ্ধান্ত একপক্ষীয় । মুছলমানসকলক টাৰ্গেট কৰি এই‌ সিদ্ধান্ত লৈছে চৰকাৰে । আসোঁৱাহ থাকিলে এই‌ আইন সংশোধন কৰাৰ‌ বাবে আলোচনা কৰাৰ‌ অৱকাশ আছিল বুলিও তেওঁলোকে মন্তব্য কৰে ।

লগতে পঢ়ক :মুছলমান বিবাহ আইন খাৰিজ, ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.