ETV Bharat / technology

বিপজ্জনক হৈ পৰিছে স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীলতা, ডিপ্ৰেছন আহে লাহে লাহে - smartphone addiction and depression

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 12:19 PM IST

Dependency On Smartphones Is Dangerous :বৰ্তমান সময়ত ম’বাইল ফোনৰ ওপৰত বৰ্ধিত নিৰ্ভৰশীলতাই এক বিপদজনক ৰূপ লৈছে । এক গৱেষণা অনুসৰি, স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীলতা ইমানেই বৃদ্ধি পাইছে যে তাৰ পিচত মানুহ হতাশ হ’বলৈ আৰম্ভ কৰে ৷

dependency on smartphones is becoming dangerous problem depression comes later
স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীলতা

আজিৰ সময়ত স্মাৰ্টফোন নথকা মানুহ প্ৰায় নায়েই । হয় ! এইটো এটা তিক্ত সত্য যে আজিৰ সময়ত ম’বাইলে মানুহক নিজৰ কবলত এনেদৰে বন্দী কৰি ৰাখিছে যে ইয়াৰ পৰা কোনেও মুক্ত হ’ব নোৱাৰে । ম’বাইলৰ নিচাত ডুব গৈ থকা ব্যৱহাৰকাৰীয়ে ঘণ্টাৰ পিচত ঘণ্টা বহি মোবাইল ফোন ব্যৱহাৰ কৰি থাকে ।

মনোৰঞ্জনৰ সন্ধানত ম’বাইল ফোন ব্যৱহাৰ কৰি থকা ব্যৱহাৰকাৰীসকল হতাশাত ভুগিছে । এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ডিপ্ৰেছন প্ৰথমে আহে নে স্মাৰ্টফোনৰ আসক্তি ? এটা গৱেষণাৰ মতে, ব্যৱহাৰকাৰীসকল স্মাৰ্টফোনটোতেই সোমাই থাকে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বৰ্তমান প্ৰজন্ম হতাশা আৰু নিসংগতাৰ সমস্যাত জৰ্জৰিত হৈ পৰিব পাৰে ।

গৱেষণা অনুসৰি, স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীলতা আৰু হতাশাৰ লক্ষণবোৰৰ মাজত যথেষ্ট সাদৃশ্য আছে । তথ্য অনুসৰি, হতাশা বা অকলশৰীয়া লোকসকলে তেওঁলোকৰ ফোনৰ ওপৰত নিৰ্ভৰ কৰাৰ সম্ভাৱনা অধিক । এৰিজোনা বিশ্ববিদ্যালয়ৰ গৱেষণা পণ্ডিত মেথিউ লাপিয়েৰ আৰু তেওঁৰ সহকৰ্মীসকলে ১৮ ৰ পৰা ২০ বছৰ বয়সৰ ৩৪৬ জন লোকৰ মাজত এই গৱেষণা কৰিছিল আৰু দেখিছিল যে হতাশাগ্ৰস্ত লোকসকলৰ মাজত স্মাৰ্টফোনৰ নিৰ্ভৰশীলতা অধিক ।

প্ৰতিবেদন অনুসৰি, হতাশা আৰু একাকীত্বৰ লক্ষণবোৰ তেনে লোকৰ ক্ষেত্ৰত আনতকৈ অধিক পোৱা যায় । যোগাযোগ বিভাগৰ সহকাৰী অধ্যাপক লাপিয়েৰে কয়, "তদুপৰি, স্মাৰ্টফোনৰ ওপৰত পোনপটীয়া নিৰ্ভৰশীলতাই পিছলৈ হতাশাৰ ৰূপ লয় ৷ যি নিসংগতাৰ কাৰণ হ'ব পাৰে ।"

আৰু এটা সমস্যা আছে, য'ত লোকসকল ডিভাইচৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ৷ তেনে লোকৰ ক্ষেত্ৰত ডিভাইচ এটা যদি তেওঁলোকৰ হাতত নাথাকে বা কিছু সময়ৰ বাবে তেওঁলোক আঁতৰি থাকিবলগীয়া হয়, তেতিয়া তেওঁলোক উত্তেজনাত ভোগে ।

"স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীলতা আৰু দুৰ্বল মানসিক ফলাফলৰ মাজৰ সম্পৰ্ক চিনাক্ত কৰি, এই সমস্যাটো কেনেদৰে সমাধান কৰিব লাগে বুজি পোৱাটো গুৰুত্বপূৰ্ণ ৷" অধ্যয়নটোৰ সহ-লেখক পেংফেই ঝাওৱে কয় ।

মই নাৰ্ভাছ হৈ পৰো... ঝাওৱে কৈছিল যে যদি হতাশা আৰু নিসংগতাই স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীলতাৰ সৃষ্টি কৰে, তেন্তে আমি মানুহৰ মানসিক স্বাস্থ্যৰ সালসলনি কৰি নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰো । ঠিক সেইদৰে হতাশা আৰু নিসংগতাৰ পূৰ্বে স্মাৰ্টফোনৰ এপৰত নিৰ্ভৰশীলতা আহিলে আমি স্মাৰ্টফোনৰ নিৰ্ভৰশীলতাও হ্ৰাস কৰিব পাৰো ।

মন দিবলগীয়া কথাবোৰ-

এনে সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ গৱেষকসকলে পৰামৰ্শ আগবঢ়াইছে- যেতিয়া মানুহে মানসিক চাপ অনুভৱ কৰে, তেতিয়া ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ অন্যান্য স্বাস্থ্যসন্মত পদ্ধতি ব্যৱহাৰ কৰিব লাগে ৷ যেনে পৰিয়ালৰ কোনো সদস্য বা বন্ধুৰ সৈতে সমৰ্থনৰ বাবে কথা পাতিব লাগে, কিছু সময় ব্যায়াম বা ধ্যান কৰিব লাগে ।

লগতে পঢ়ক : কৃত্ৰিম বুদ্ধিমত্তা, ডিপফেক, ভইচ ক্লনিং: লোকসভা নিৰ্বাচন ২০২৪ ত প্ৰযুক্তিগত ভাবুকি - Tech Threats To LS Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.