ETV Bharat / state

বৰপেটা আৰু বাক্সাত শান্তিপূৰ্ণভাবে সমাপ্ত ভোটগ্ৰহণৰ - Lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 11:04 PM IST

Voting ended peacefully in barpeta and baksa
বৰপেটা আৰু বাক্সাত শান্তিপূৰ্ণভাবে সমাপ্ত ভোটগ্ৰহণৰ (etv bahrat assam)

3 rd phase of LS poll: বৰপেটা আৰু বাক্সা জিলাত শান্তিপূৰ্ণভাবেই সমাপ্ত হয় ভোটগ্ৰহণৰ ৷ পলিং প্ৰিজাইডিং বিষয়াৰ প্ৰথমটো দলক গামোছা পিন্ধাই আদৰণি জনায় বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গৰ্গে ৷

বৰপেটা আৰু বাক্সাত শান্তিপূৰ্ণভাবে সমাপ্ত ভোটগ্ৰহণৰ (etv bharat assam)

বৰপেটা/বাক্সা, 7 মে’: ৰাজ্যত আজি অন্ত পৰে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । গুৱাহাটী, বৰপেটা, ধুবুৰী, কোকৰাঝাৰকে ধৰি চাৰিটা সমষ্টিৰ বাবে মঙলবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হয় । তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাবেই সমাপ্ত পৰে বৰপেটাত ৷ ভোটগ্ৰহণ সন্দৰ্ভত বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গৰ্গে জনায়, "বৰপেটাত সন্ধিয়াৰ ভাগলৈ ভোটগ্ৰহণৰ হাৰ প্ৰায় 80 শতাংশ ৷ অৱশ্যে বহু ভোটগ্ৰহণ কেন্দ্ৰত বহু দেৰিলৈকে ভোটগ্ৰহণ চলি থকাৰ বাবে ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷"

  • " class="align-text-top noRightClick twitterSection" data="">

সুচাৰুৰূপে ভোটগ্ৰহণ সমাপ্ত কৰি বহু ভোট কেন্দ্ৰৰ পলিং, প্ৰিজাইডিং বিষয়াৰ দল উভতিছে ষ্ট্ৰং ৰূমলৈ ৷ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা হৈছে ষ্ট্ৰংৰূম ৷ ভোটগ্ৰহণ সমাপ্ত কৰি ষ্ট্ৰং ৰূমলৈ উভতি অহা পলিং প্ৰিজাইডিং বিষয়াৰ প্ৰথমটো দলক জিলা আয়ুক্ত গামোচা পিন্ধাই আদৰণি জনায় জিলা আয়ুক্ত আয়ুষ গৰ্গে ৷

আনহাতে, শান্তিপূৰ্ণভাবে ভোটগ্ৰহণ সমাপ্ত কৰি উভতিছে পলিং প্ৰিজাইডিং বিষয়াসকল । বাক্সা জিলাৰ 41 নং মানাহ আৰু 422 নং বাস্কা বিধানসভা সমষ্টিৰ 476 টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা উভতিল প্ৰিজাইডিং বিষয়াসকল । জিলাখনত শান্তিপূৰ্ণভাবে অনুষ্ঠিত হৈ যায় তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠান । দায়িত্ব সামৰি প্ৰিজাইডিং বিষয়াসকল উপস্থিত হৈছে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ।

গুৱাহাটীতো আজি শান্তিপূৰ্ণভাবে সমাপ্ত পৰে ভোটগ্ৰহণৰ ৷

লগতে পঢ়ক: নিজৰ ভোটটো প্ৰদান কৰিলে আনে; হতভম্ব হৈ ঘৰলৈ উভতিল ভোটাৰ - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.