ETV Bharat / state

অজাপ ত্যাগ দুলু আহমেদৰ: চাটুকাৰিতাৰ ৰাজনীতি কৰাৰ অভিযোগ লুৰীণৰ বিৰুদ্ধে

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 12:55 PM IST

Updated : Mar 20, 2024, 1:06 PM IST

AJP vice president Dulu Ahmed resign letter
অজাপ ত্যাগ উপ সভাপতি দুলু আহমেদৰ

Dulu Ahmed quits AJP: অৱশেষত ক্ষোভিত অজাপৰ উপ-সভাপতি দুলু আহমেদে ত্যাগ কৰিলে দল । অজাপৰ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ দুলু আহমেদৰ । সমালোচনাৰে থকা-সৰকা লুৰীণজ্যোতি গগৈক । পদত্যাগ কৰিলেও দলৰ জাহাজৰ প্ৰতীক চিহ্নতে নিৰ্বাচন খেলিব দুলু আহমেদে ।

গুৱাহাটী,২০ মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পদত্যাগ আৰু দল বাগৰাৰ ৰাজনীতি তীব্ৰতৰ হৈ পৰিছে । এইবাৰ অসম জাতীয় পৰিষদ চমুকৈ অজাপ ত্যাগ কৰিলে উপ-সভাপতি দুলু আহমেদে । বুধবাৰে তেওঁ দলৰ সভাপতি লুৰীণজ্যোতি গগৈলৈ পদত্যাগ পত্র প্ৰেৰণ কৰে । পদত্যাগ পত্রযোগে তেওঁ দলৰ উপ-সভাপতি আৰু প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ কথা সদৰী কৰে ।

AJP vice president Dulu Ahmed resign letter
অজাপৰ উপ সভাপতি দুলু আহমেদৰ পদত্যাগ পত্ৰ

বৰপেটা সমষ্টিৰ পৰা দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰাকলৈ ইতিমধ্যে ক্ষোভ উজাৰি বিভিন্ন বক্তব্য আগবঢ়োৱা দুলু আহমেদে কংগ্ৰেছৰ ওচৰত আঞ্চলিকতাবাদ বিক্ৰীৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে । ইফালে পদত্যাগ কৰিলেও বৰপেটাৰ পৰাই দলৰ জাহাজৰ প্ৰতীকতে নিৰ্বাচন খেলিব দুলু আহমেদে । অজাপৰ সভাপতিলৈ দিয়া পদত্যাগ পত্রত দুলু আহমেদে কয়, ‘দলৰ জন্মলগ্নৰে পৰা অসম জাতীয় পৰিষদ দলৰ লগত জড়িত হৈ দলটি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মোৰ যি অৰিহণা সেয়া আপুনি স্বীকাৰ নকৰিলেও অসমৰ ৰাইজে নিশ্চয় লক্ষ্য কৰিছে ।’

AJP vice president Dulu Ahmed resign letter
অজাপৰ উপ সভাপতি দুলু আহমেদৰ পদত্যাগ পত্ৰ

তেওঁ লগতে কয়, ‘বিগত প্ৰায় ১০ মাহে বিৰোধী ঐক্যমঞ্চৰ নামত কংগ্ৰেছ দলে ১৬ টাকৈ দলক ব্যস্ত কৰি ৰাখি শেষ মুহূৰ্তত ১৪ খন লোকসভা আসনৰ ১৩ খন আসন নিজৰ লগত ৰাখি কেৱল এখন আসন আপোনাক এৰি দি বিৰোধী ঐক্যমঞ্চত থকা ১৪ টা দলক যি ধৰণে শেষ মুহূৰ্তত প্ৰতাৰণা কৰিলে, কংগ্ৰেছৰ সেই পৰিকল্পনা সন্দৰ্ভত আপুনি সম্পূৰ্ণ জ্ঞাত আছিল । আপোনাৰ একমাত্র ব্যক্তিগত স্বাৰ্থৰ বাবে আপুনি কংগ্ৰেছ দলক সম্পূৰ্ণ সহযোগ কৰাৰ ক্ষেত্ৰত ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক পদত থাকিও আপুনি যি সন্দেহজনক ভূমিকা পালন কৰিলে সেই ভূমিকা মই নক’লেও অসমৰ ৰাইজে নিশ্চয় লক্ষ্য কৰিছে ।’

তেওঁ লগতে উল্লেখ কৰে, ‘অসমৰ ৰাইজে কেতিয়াও বিচৰা নাছিল যে আপুনি দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত গৈ কেৱল নিজৰ ব্যক্তিগত স্বার্থৰ বাবে নিৰ্লজ্যভাৱে আত্মসমৰ্পণ কৰাটো । দলটিক কংগ্ৰেছৰ ওচৰত এই ধৰণে নিৰ্লজ্জভাৱে বিক্ৰী কৰাৰ বাবে অসমৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু অসমৰ ৰাইজে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ এই নির্বাচনতে আপোনাক দিব ।’

দলৰ সভাপতি লুৰীণজ্যোতি গগৈক কঠোৰ ভাষাৰে সমালোচনা কৰি দুলু আহমেদে আৰু কয়, 'আপোনাৰ এই ধৰণৰ ব্যক্তিগত স্বাৰ্থৰ বাবে অসমৰ ৰাইজে ভৱিষ্যতে আৰু কোনো আঞ্চলিক দলৰ প্ৰতি বিশ্বাস নাৰাখিব । আপুনি দলৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিচৰে পৰা বিভিন্ন সংবাদ মাধ্যমত পৰিস্থিতি যিয়েই নহওঁক কিয় আপুনি কোনো ৰাষ্ট্ৰীয় দলৰ লগত কেতিয়াও মিত্রতা নকৰে বুলি কৈছিল । কোনো ৰাষ্ট্ৰীয় দলৰ অক্সিজেন লৈ অসম জাতীয় পৰিষদ দলে কেতিয়াও ৰাজনীতি নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল । আপোনাৰ এই নতুন ৰাজনৈতিক যাত্ৰা এক আপোচবিহীন যাত্ৰা বুলি অসমৰ ৰাইজক জনাইছিল আৰু আপুনি অসমৰ একমাত্ৰ এগৰাকী সংগ্ৰামী সত্তা তথা বজ্রকণ্ঠ বুলি নিজকে ৰাইজৰ ওচৰত মিছা পৰিচয় দিছিল । কিন্তু সেই প্রতিশ্রুতি আপুনি পালন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । সেই কথা মই নক’লেও অসমৰ ৰাইজে নিশ্চয়কৈ উপলব্ধি কৰিছে ।’

‘ভেজাল জাতীয়তাবাদ তথা আঞ্চলিকতাবাদৰ নামত আপুনি অসমৰ ৰাইজক যি ধৰণে প্ৰতাৰণা কৰিলে তাৰ বাবে অসমৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু সেই প্রমাণ এই নির্বাচনতেই আপুনি পাব । আমি ব্যক্তিগতভাৱেও আপোনাৰ এই ধৰণৰ আপোচবিহীন যাত্ৰাৰ অংশীদাৰ হ’বলৈ আপোনাৰ বজ্ৰকণ্ঠৰ প্ৰতি আকৰ্ষিত হৈ আপোনাৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদ দলত আপুনি যোগদান কৰাৰ ঠিক ১৫ দিন পিচতেই যোগদান কৰিছিলো । কিন্তু এয়া মোৰ জীৱনৰ যে এক সাংঘাতিক ভুল সিদ্ধান্ত আছিল সেই কথা মই এতিয়া উপলদ্ধি কৰিছোঁ,’ অসম জাতীয় পৰিষদৰ সদ্য পদ ত্যাগী নেতাজনে কয় ৷

আহমেদে লগতে কয়, ‘আৰু বেছি আচৰিত লাগিল দলৰ এই কঠিন সময়ছোৱাত নামনি অসমৰ যি সকল উঠি অহা যুৱকে মোৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰি নিঃস্বার্থভাৱে দলত সেৱা আগবঢ়াই গৈছিল, সেই নিষ্ঠাৱান যুৱ কৰ্মীসকলকো আপুনি কেৱল মোৰ লগত সংগ দিয়াৰ বাবে অন্যায়ভাৱে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে । যিহেতু মই ইতিমধ্যে পৰিস্থিতি যিয়েই নহওঁক কিয় আগন্তুক নিৰ্বাচনত জাহাজৰ চিহ্নত প্রতিদ্বন্দ্বিতা কৰিম বুলি ঘোষণা কৰিছো, সেই গতিকে মই আজিও মোৰ স্থিতিত অটল হৈ আছোঁ । আপোনাৰ ব্যক্তিগত স্বাৰ্থত লোৱা এনে আৰু বহু ধৰণৰ ৰাজনৈতিক সিদ্ধান্তৰ বাবে যাতে অসমৰ ৰাইজৰ ওচৰত মই জবাবদিহি নহওঁ সেই গতিকে মই আজিৰ পৰা দলৰ উপ-সভাপতি তথা প্রাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি এই পত্ৰ প্ৰেৰণ কৰিলোঁ ।’

ৰাষ্ট্ৰীয় ৰাজনীতি এৰি আঞ্চলিকতাবাদী দললৈ আহিছিলো কেৱল মূল্যবোধৰ ৰাজনীতিৰ খাতিৰত । পিছে আপুনি কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে দিল্লীৱালা কংগ্ৰেছী নেতৃবৰ্গৰ ওচৰত কৰা তৈলমৰ্দনৰ ৰাজনীতিৰেহে জাতীয়তাবাদক ভাল পায় । যিয়ে অজাপত যোগদান কৰা বহু সংগ্ৰামী সত্তাৰ অন্তৰত আঘাত দিছে । ইতিহাসত জয়-পৰাজয় ডাঙৰ কথা নহয়, কিন্তু ইতিহাসে সদায় বিপ্লৱীৰ নামহে লিপিবদ্ধ কৰে, তোষামোদকাৰীয়ে কেতিয়াও ইতিহাসৰ পাতত স্থান নাপায় । মোৰ এই ধৰণৰ সিদ্ধান্তই দলৰ তৃণমূল কর্মীসকলৰ মনত বহু আঘাত দিব । তাৰ বাবে মই দলৰ সেই নিষ্ঠাবান কৰ্মীসকলৰ ওচৰত এই পত্ৰৰ জৰিয়তেই ক্ষমা বিচাৰিলো । আঞ্চলিকতাবাদক ভালপোৱা, জাতীয়তাবাদক ভালপোৱা দলটোৰ প্ৰতিজন সৈনিকেই আপোনাৰ এই ৰাজনৈতিক স্বাৰ্থপৰতাক লৈ হতাশ আৰু নিৰাশ । সেয়ে মই অসম জাতীয় পৰিষদ দলৰ সৈতে থকা মোৰ যাত্ৰাও ইমানতেই সামৰণি মাৰিলো বুলি দুলু আহমেদে পত্ৰখনত উল্লেখ কৰে ।

লগতে পঢ়ক: কংগ্ৰেছে ধুবুৰীত ডকাইত এজনক প্ৰাৰ্থিত্ব দিছে : দুলু আহমেদ

Last Updated :Mar 20, 2024, 1:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.