ETV Bharat / state

কংগ্ৰেছে ধুবুৰীত ডকাইত এজনক প্ৰাৰ্থিত্ব দিছে : দুলু আহমেদ

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 6:54 PM IST

Dulu Ahmed to contest election in Barpeta Lok Sabha constituency on the ship's symbol
নিজাববীয়াকৈ বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব দুলু আহমেদ

Show Cause Notice To Dulu Ahmed: ফণীভূষন চৌধুৰীক মঞ্চতে কন্দুৱাব দুলু আহমেদে । নলবাৰীত অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদৰ কংগ্ৰেছ, অগপ, বিজেপিক ক্ষুৰধাৰ সমালোচনা । দলে টিকট নিদিলেও জাহাজৰ প্ৰতীকতে নিজাববীয়াকৈ বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য দুলু আহমেদৰ ।

নিজাববীয়াকৈ বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব দুলু আহমেদ

নলবাৰী,১৬ মাৰ্চ: আকোৰগোঁজ স্থিতিত অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদ । দলে টিকট নিদিলেও জাহাজৰ প্ৰতীকতে নিজাববীয়াকৈ বৰপেটা লোকসভা সমষ্টিত খেলিব নিৰ্বাচন । শনিবাৰে নলবাৰীৰ মুকালমুৱাত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰি সাংবাদিকৰে মত বিনিময় কৰি দুলু আহমেদে দলীয় নেতৃত্বই তেওঁলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ কয় যে, তেওঁ সেইবোৰত গুৰুত্বই দিয়া নাই । জাহাজৰ প্ৰতীকতে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব । জাহাজৰ প্ৰতীকটো অজাপৰ স্থায়ী প্ৰতীক নহয় । শ্ব'কজ কৰিলেও কৰক বা নিলম্বন কৰিলেও কৰক বুলি প্ৰত্যাহ্বান জনাই দুলু আহমেদে । লগতে নিজেই নিজক অজাপৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে । তেওঁ লগতে কয় তেওঁক ৰাইজে দুলু আহমেদ হিচাপে ভোট দিয়ে ।

তেওঁ যদি দলবিৰোধী কাম কৰিছে তেওঁৰ বিৰুদ্ধে অভিযোগ কৰক । ইফালে দুলু আহমেদে কংগ্ৰেছ দল বিজেপিতকৈ বেছি সাম্প্ৰদায়িক বুলি অভিহিত কৰি বৰপেটাত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি দৃঢ়তাৰে দাবী কৰে । দুলু আহমেদে ফণীভূষণ চৌধুৰীক কটাক্ষ কৰি কয় যে তেওঁ দুবাৰমান কান্দিলে তেওঁৰ ভোট আৰু বৃদ্ধি হ'ব ।

ইফালে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনকো তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে ধুবুৰীত বহু যোগ্য প্ৰাৰ্থী থকাৰ পিচতো ডকাইত এটা আনি প্ৰাৰ্থিত্ব দিছে । তিনিৰ পৰা চাৰিলাখ ভোটৰ ব্যৱধানত ৰকিবুল হুছেইন পৰাজিত হ'ব বুলিয়ো মন্তব্য কৰে দুলু আহমেদে ।

লগতে পঢ়ক: নোপোৱাৰ বাবে পদত্যাগ: পোৱাৰ বাবে সিদ্ধান্ত সলাব পাৰে আব্দুল খালেকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.