ETV Bharat / state

প্ৰথম অসমীয়া মহিলা বিমান পাইলট ধীৰা চলিহা হাজৰিকালৈ বীৰাংগনা মূলাগাভৰু বঁটা

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 7:24 PM IST

TAYPA Press meet
টাইপাৰ সংবাদমেল

Dhira Chaliha Hazarika : প্ৰথম অসমীয়া মহিলা বিমান পাইলট ধীৰা চলিহা হাজৰিকালৈ বীৰাংগনা মূলাগাভৰু বঁটা । অহা ২৯-৩০ এপ্ৰিলত সোণাৰিত অনুষ্ঠিত হ'বলগা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱসত এই বঁটা প্ৰদান কৰিব টাইপাই ।

টাইপাৰ সংবাদমেল

ডিব্ৰুগড়, ১০ মাৰ্চ: টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে বীৰাংগনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু মর্যাদাৰে সুঁৱৰি ২০১৩ বর্ষৰ পৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান । এইবৰ্ষত প্ৰথম অসমীয়া বিমান পাইলট ধীৰা চলিহা হাজৰিকালৈ বীৰাংগনা মূলাগাভৰু বঁটা আগবঢ়োৱা হৈছে । সোণাৰিত বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱসত প্ৰদান কৰা হ'ব এই বঁটা । আজি এক সংবাদমেল যোগে এইবিষয়ে সদৰী কৰিছে টাইপাৰ কেন্দ্ৰীয সভাপতি বিজয় ৰাজকোঁৱৰে ।

টাইপাৰ কেন্দ্ৰীয সভাপতি বিজয় ৰাজকোঁৱৰে কয় যে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰিব এই বঁটা । অহা ২৯-৩০ এপ্ৰিলত অনুষ্ঠিত হ'ব বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান । ধীৰা চলিহাই মাত্ৰ ২১ বছৰ বয়সতে অসমৰ প্ৰথমগৰাকী মহিলা পাইলট হিচাপে ১৯৬১ চনত অকলেই উৰা মাৰিছিল । তেওঁ বৰঝাৰৰ পৰা তেজপুৰলৈ উৰা মাৰিছিল । উল্লেখ্য় যে সেই সময়ত বিমানবন্দৰত কোনো ৰেডিঅ' সংযোগ নাছিল । ইয়াৰ পিচতো তেওঁ প্ৰথম বিমানখন চলাবলৈ শংকিত হোৱা নাছিল ।

সংগঠনটোৱে অসমৰ সমাজ জীৱন, শিক্ষা, সাহিত্য আৰু নাৰীৰ উত্তৰণৰ বাবে বিশেষ অৱদান আগবঢ়োৱা বৰেণ্যা নাৰী প্ৰয়াত চিত্ৰলতা ফুকন(২০১৩), বীৰুবালা ৰাভা(২০১৪), নিৰুপমা বৰগোহাঞি(২০১৫) ড৹ অনিমা গুহ(২০১৬), শিক্ষাবিদ ড৹ সুখ বৰুৱা(২০১৭), অসমৰ বিশিষ্ট সংগীতশিল্পী, সুকণ্ঠী গায়িকা দিপালী বৰঠাকুৰ (২০১৮), বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা (২০১৯), সাহিত্যিক পেঞ্চনাৰ ৰতিপ্ৰভা গগৈ (২০২১) আৰু বিশিষ্ট লেখিকা ড৹ অনিমা গগৈ (২০২২), অলিম্পিক পদক বিজয়ী, আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁইক (২০২৩) ইতিমধ্যে প্ৰদান কৰা হৈছে বীৰাংগনা মূলাগাভৰু বঁটা ।

লগতে পঢ়ক:ধনশিৰিৰ অলৌকিক কাহিনীৰে পুষ্ট এটি শিৱ মন্দিৰৰ কথাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.