ETV Bharat / state

অৰুণাচলৰ পৰা অপহৰণ কৰা তিনি কয়লা শ্ৰমিকক মুকলি আলফা (স্বা)ৰ - ULFA I releases kidnapped miners

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 1:30 PM IST

Updated : Mar 23, 2024, 2:50 PM IST

Kidnapping at coal mine in Arunachal Pradesh
অৰুণাচল প্ৰদেশৰ চাংলাঙত কয়লাখনিত অপহৰণ

Kidnapped Coal Miners released: অৰুণাচল প্ৰদেশৰ চাংলাঙত কয়লাখনিৰ পৰা অপহৰণ কৰা হৈছিল তিনি কয়লা শ্ৰমিকক ৷ ঘটনাৰ ৩৩ দিনৰ অন্তত আলফা স্বাধীনে মুকলি কৰি দিয়ে অপহৃতকসকলক ।

তিনিচুকীয়া, ২৩ মাৰ্চ : অৱশেষত অৰুণাচলৰ ফিনভিৰুৰ কয়লাখনিৰ পৰা অপহৰণ কৰা তিনি কয়লা শ্ৰমিকক মুকলি কৰি দিলে আলফা স্বাধীনে ৷ যোৱা ১৮ ফেব্ৰুৱাৰীত ফিনভিৰুৰ পৰা অপহৰণ কৰা হৈছিল তিনিজন শ্ৰমিক ক্ৰমে জ্ঞান থাপা, লেখক বৰা আৰু চন্দন নাৰ্জাৰীক ৷

অৰুণাচলৰ পৰা অপহৰণ কৰা তিনি কয়লা শ্ৰমিকক মুকলি আলফা (স্বা)ৰ
অৰুণাচলৰ পৰা অপহৰণ কৰা তিনি কয়লা শ্ৰমিকক মুকলি আলফা (স্বা)ৰ

জ্ঞান থাপা আৰু লেখক বৰাৰ ঘৰ তিনিচুকীয়া জিলাৰ লেখাপানীত ৷ শুক্ৰবাৰে পুৱাৰ ভাগতেই অৰুণাচল প্ৰদেশৰ নামপুঙৰ লুম্বিবস্তি অঞ্চলত আলফা স্বাধীনে মুকলি কৰি দিয়াৰ খবৰ বিয়পি পৰে ৷ শুক্ৰবাৰে ৩৩ দিনৰ অন্তত তিনিওকে মুকলি কৰি দিয়া হয় যদিও অসম ৰাইফলছৰ পৰা আজিহে (শনিবাৰ) জিম্মাত লৈছে অৰুণাচল আৰক্ষীয়ে ৷ জানিব পৰা মতে, অৰুণাচল আৰক্ষীয়ে কিছু সোধ-পোছ কৰাৰ পাচতে অসম আৰক্ষীৰ হাতত গতাব তিনিও শ্ৰমিকক ৷

উল্লেখ্য় যে, এই অপহৰণৰ পিচতেই লেখাপানীৰ শ্ৰমিক জ্ঞান থাপাৰ পিতৃয়ে এই অপহৰণকাণ্ডত দুখ প্ৰকাশ কৰি আটাইকে সুস্থ শৰীৰে ওভতাই পঠাবলৈ আহ্বান জনাইছিল আলফা স্বাধীনক ৷ তাৰ পাচতে অপহৃত শ্ৰমিক লেখক বৰাৰ পত্নীয়ে তেওঁৰ স্বামীকো মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনাইছিল ৷ আনকি দুই কন্যা সন্তানলৈ চাই লেখক বৰাক মুকলি কৰি পৰিয়ালটোৰ মুখলৈ চাবলৈ আলফা (স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱালৈ আহ্বান জনাইছিল ৷ এই শ্ৰমিককেইজনক মুকলি কৰি দিয়াৰ পিচতেই পৰিয়াল দুটাৰ সদস্য়সকলে স্বস্তিৰ নিঃশ্বাস পেলাইছে ।

যোৱা ১৮ ফেব্ৰুৱাৰীক তিনিজন শ্ৰমিকক আলফা স্বাধীন আৰু এনএচচিএনে অপহৰণ কৰাৰ পাচতে অসম আৰক্ষী আৰু অৰুণাচল আৰক্ষীয়ে ঘন জংঘলৰ মাজত চলাইছিল অভিযান । বিশেষকৈ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নেতৃত্বত অসম আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত চলায় এই অভিযান ৷

লগতে পঢ়ক:চাংলাঙৰ কয়লাখনিৰ শ্ৰমিক অপহৰণ : ২৪ ঘণ্টাৰ পাচতো নাই সন্ধান

Last Updated :Mar 23, 2024, 2:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.