ETV Bharat / state

চাংলাঙৰ কয়লাখনিৰ শ্ৰমিক অপহৰণ : ২৪ ঘণ্টাৰ পাচতো নাই সন্ধান

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 9:00 PM IST

Coal Miners Kidnapped : অৰুণাচল প্ৰদেশৰ চাংলাঙত কয়লাখনিৰ অপহৰণৰ ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টা উকলি যোৱাৰ পাচতো নাই অপহৃতৰ কোনো সন্ধান ৷ অপহৃত শ্ৰমিক লেখক বৰাৰ পত্নীয়ে তেখেতৰ স্বামীক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনাইছে ৷

Coal Miners Kidnapped
কয়লাখনিৰ শ্ৰমিক অপহৰণৰ ঘটনা

২৪ ঘণ্টাৰ পাছটো সন্ধান নাই অপহৃতৰ

তিনিচুকীয়া, 19 ফেব্ৰুৱাৰী : দেওবাৰে পুৱতি নিশা অৰুণাচল প্ৰদেশৰ চাংলাঙত কয়লাখনিৰ তিনি শ্ৰমিকক সন্দেহজনক আলফা স্বাধীন আৰু এন এছ চি এন-এ অপহৰণৰ ঘটনা সংঘটিত কৰাৰ আজি 24 ঘণ্টাৰ পাচতো নাই অপহৃতৰ কোনো সন্ধান ৷ চাংলাং জিলাৰ ফিনভিৰু অঞ্চলৰ মংগচা বস্তিত সংঘটিত হয় এই অপহৰণৰ ঘটনা ৷ অপহৃত হৈছিল ক্ৰমে চন্দন নাৰ্জাৰী, লেখক বৰা আৰু জ্ঞান থাপা ৷ তিনিচুকীয়া জিলাৰ লেখাপানীৰ লেখক বৰা আৰু জ্ঞান থাপাক আজি অপহৰণকাৰী সংগঠনে মুকলি দিয়া বুলি এক খবৰ বিয়পি পৰিছিল যদিও আৰক্ষী তথা সেনা-বাহিনীৰ হাতত নাই কোনো তথ্য ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শিবু সৰকাৰ আৰু ৰঞ্জিত থাপা নামৰ দুই কয়লা ব্যৱসায়ীৰ কৰ্মচাৰী আছিল তিনিওজন শ্ৰমিক ৷ লেখাপানীৰ শ্ৰমিক জ্ঞান থাপাৰ পিতৃয়ে এই অপহৰণকাণ্ডত দুখ প্ৰকাশ কৰি আটাইকে সুস্থ শৰীৰে ওভতাই পঠাবলৈ দেওবাৰে আহ্বান জনাইছিল অপহৰণকাৰী বিদ্ৰোহী সংগঠনক ৷ তাৰ পাচতে আজি পুনৰ অপহৃত শ্ৰমিক লেখক বৰাৰ পত্নীয়ে তেখেতৰ স্বামীক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনাইছে ৷ দুই কন্যা সন্তানলৈ চাই পিতৃ লেখক বৰাক মুকলি কৰি পৰিয়ালটোৰ মুখলৈ চাবলৈ আহ্বান জনাইছে আলফা স্বাধীনৰ সাৰ্বাধিনায়ক পৰেশ বৰুৱালৈ ৷

ইফালে দেওবাৰৰ পৰা ঘটনাস্থলীত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দল উপস্থিত হৈ অৰুণাচল আৰক্ষীৰ সৈতে যৌথ অভিযান অব্যাহত ৰাখিছে ৷ কিন্তু অপহৰণকাণ্ড সংঘটিত হোৱাৰ 24 ঘণ্টা উকলি যোৱাৰ পাছটো কোনো সন্ধান লাভ কৰা নাই তিনি অপহৃত শ্ৰমিকৰ ৷ এই অপহৰণ আলফা স্বাধীন আৰু এন এছ চি এনৰ যৌথ প্ৰচেষ্টাত চলোৱা হৈছে বুলি সন্দেহ কৰা হৈছে যদিও এই পৰ্যন্ত কোনো এটা সংগঠনে অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ অপহৰণকাৰীয়ে তিনি শ্ৰমিকক অপহৰণ কৰি শিবু সৰকাৰ আৰু ৰঞ্জিত থাপা নামৰ দুই কয়লা ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ সম্ভাৱনা আছে বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক : অৰুণাচলৰ চাংলাঙত কয়লাখনিৰ তিনি কৰ্মচাৰীক অপহৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.