ETV Bharat / state

অৰুণাচলৰ চাংলাঙত কয়লাখনিৰ তিনি কৰ্মচাৰীক অপহৰণ

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 3:01 PM IST

Updated : Feb 18, 2024, 5:34 PM IST

Kidnap in Arunachal
অৰুণাচলত অপহৰণ

Kidnap in Arunachal: সন্দেহজনক আলফা(স্বা) আৰু NSCNৰ সদস্যই অপহৰণ কৰিলে কয়লা ব্যৱসায়ীৰ মহৰীক ৷ অৰুণাচলৰ চাংলাঙত সংঘটিত হৈছে এই ঘটনা ৷

তিনিচুকীয়া, 18 ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশৰ চাংলাঙত পুনৰ সংঘটিত হ’ল অপহৰণৰ ঘটনা ৷ এইবাৰ কয়লা ব্যৱসায়ীৰ মহৰীক বিদ্ৰোহী সংগঠনে অপহৰণ কৰা বুলি জানিব পৰা গৈছে ৷ আলফা(স্বা) আৰু নগা বিদ্ৰোহী সংগঠন NSCN এ কয়লা ব্যৱসায়ীৰ মহৰীক অপহৰণ কৰা বুলি সন্দেহ কৰা হৈছে ৷

উল্লেখ্য যে দেওবাৰে পুৱতি নিশা অৰুণাচল প্ৰদেশৰ চাংলাঙৰ কয়লাখনিৰ পৰা কৰ্মৰত তিনিগৰাকী লোকক অপহৰণ কৰে সন্দেহজনক আলফা স্বাধীন আৰু NSCNএ ৷ চাংলাং জিলাৰ ফিনভিৰু অঞ্চলৰ মংগচা বস্তিত সংঘটিত হয় এই অপহৰণৰ ঘটনা ৷

কয়লা খনিটোৰ পৰা অপহৃত তিনিগৰাকী মহৰীৰ নাম ক্ৰমে চন্দন নাৰ্জাৰী, লেখক বৰা আৰু জ্ঞান থাপা ৷ উল্লেখ্য যে লেখক বৰা আৰু জ্ঞান থাপাৰ ঘৰ তিনিচুকীয়া জিলাৰ লেখাপানীত ৷ চিবু সৰকাৰ আৰু ৰঞ্জিৎ থাপা নামৰ দুই কয়লা ব্যৱসায়ীৰ কৰ্মচাৰী আছিল তিনিওগৰাকী অপহৃত লোক ৷

মহৰী তিনিগৰাকী অপহৃত হোৱাৰ খবৰ লাভৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত এটা অসম আৰক্ষীৰ দল ৷ অসম আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ অৰুণাচল আৰক্ষীৰে সৈতে যৌথভাৱে অভিযান অব্যাহত ৰাখিছে তিনি অপহৃত লোকৰ সন্ধানত ৷

উক্ত অপহৰণকাণ্ডটো আলফা স্বাধীন আৰু NSCN ৰ যৌথ প্ৰচেষ্টাত চলোৱা হৈছে বুলি সন্দেহ কৰা হৈছে যদিও এই পৰ্যন্ত কোনো এটা সংগঠনে অপহৰণকাণ্ডৰ সন্দৰ্ভত স্বীকাৰ কৰা নাই ৷ সন্দেহ কৰা হৈছে যে লোক তিনিগৰাকীক অপহৰণ কৰি চিবু সৰকাৰ আৰু ৰঞ্জিৎ থাপা নামৰ দুই কয়লা ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: দিন দুপৰতে গুৱাহাটী মহানগৰীৰ পৰা শিশু অপহৰণ

Last Updated :Feb 18, 2024, 5:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.