ETV Bharat / state

চৰাইদেউত নগাৰ গুলীচালনাত আহত শ্ৰমিক - Assam Nagaland border conflict

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 11:57 AM IST

Naga Miscreants Firing Case : চৰাইদেউৰ নামতোলাত নগা দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনাক লৈ তীব্ৰ উত্তেজনা । গুলীবিদ্ধ শ্ৰমিকক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ
চৰাইদেউত নগাৰ তাণ্ডৱ
চৰাইদেউত নগাৰ তাণ্ডৱ

চৰাইদেউত নগাৰ গুলীচালনাত আহত শ্ৰমিক

ডিব্ৰুগড়, ২৭ মাৰ্চ : অসম চৰকাৰে সীমান্তৱৰ্তী ৰাজ্যসমূহৰ লগত সু-সম্পৰ্ক স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছে । কিন্তু ইয়াৰ মাজতে চৰাইদেউৰ নামতোলাত নগা দুৰ্বৃত্তই গুলীচালনাৰ ঘটনা সংঘটিত কৰে। ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে সন্ধিয়া গৰু বিচাৰি অভয়পুৰ সংৰক্ষিত বনাঞ্চললৈ যোৱা শ্ৰমিকৰ ওপৰত গুলীচালনা কৰে তিনি নগা দুৰ্বৃত্তই । ফলত শৰীৰত দুটাকৈ গুলী লাগে সুৰেশ মুণ্ডা নামৰ শ্ৰমিকজনৰ ।

ইফালে এই ঘটনাৰ পাচত নিশাতেই শ্ৰমিকজনক চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু পিচত গুৰুতৰভাৱে আহত শ্ৰমিকজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । এই ঘটনাৰ পাছতে সমগ্ৰ নামতোলা অঞ্চলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও চৰাইদেউৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চলত নগা দুৰ্বৃত্তই মাৰণাস্ত্ৰ দেখুৱাই ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি আহিছে । সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ পোহনীয়া জীৱ-জন্তুও মাৰণাস্ত্ৰ দেখুৱাই ভয়-ভাবুকিৰে কাঢ়ি লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে । কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰে নীৰৱ ভূমিকাহে পালন কৰা পৰিলক্ষিত হয় ।

ইফালে অসম চৰকাৰৰ নীৰৱতাৰ সুযোগ গ্রহণ কৰি ইতিমধ্যে চৰাইদেউ জিলাত থকা একমাত্ৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল নগা দুৰ্বৃত্তই কাটি তহিলং কৰি দিছে । দিন দুপৰতে নগা দুৰ্বৃত্তই বনাঞ্চলখনৰ মূল্যৱান গছ কাটি নিয়ে যদিও বন বিভাগ আৰু অসম আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ।

ইয়াৰ সমান্তৰালভাৱে চৰাইদেউৰ নামতোলাত নাগালেণ্ডৰ একাংশ লোকে ড্ৰাগছৰ ঘাটি আৰু অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ঘাটি স্থাপন কৰি একপ্ৰকাৰে ৰমৰমীয়া ব্যৱসায় চলাই আহিছে । দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপিত হৈ আহিছে নামতোলা অঞ্চলৰ পৰাই নিয়ন্ত্ৰণ হয় সমগ্ৰ চৰাইদেউ জিলাখনত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।

চৰাইদেউ জিলা প্ৰশাসন আৰু আৰক্ষীৰ এই বিষয়ে অৱগত যদিও এইবোৰ ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে পুনৰ নগা দুৰ্বৃত্তৰ হাতত গুলীবিদ্ধ হ'বলগা হ'ল এজন অসমীয়া শ্ৰমিক ।

লগতে পঢ়ক :হাফলঙত সোপাধৰাৰ সন্দেহত এগৰাকী মহিলাক গণপ্ৰহাৰ - Mob Lynching In Haflong

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.