ETV Bharat / state

বটদ্ৰৱাত প্ৰেমৰ প্ৰলোভনেৰে কিশোৰীক যৌন নিৰ্যাতন: আটক অভিযুক্ত - Sexual harassment

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 6:51 PM IST

Allegation of Sexual harassment
নগাঁৱৰ বটদ্ৰৱাত জঘন্য ঘটনা (ETV BHARAT ASSAM)

Allegation of Sexual harassment: নগাঁৱৰ বটদ্ৰৱাত জঘন্য ঘটনা । গংগাৰ পাৰলৈ মাতি নি কিশোৰীৰে শাৰীৰিক সম্পৰ্ক লম্পটৰ । প্ৰেমৰ প্ৰলোভেনৰে কিশোৰীক চলালে যৌন নিৰ্যাতন । আৰক্ষী থানাত এজাহাৰ ভুক্তভোগীৰ পৰিয়ালৰ ।

নগাঁৱৰ বটদ্ৰৱাত জঘন্য ঘটনা (ETV BHARAT ASSAM)

নগাঁও, ৮ মে‘: নগাঁও জিলাৰ বটদ্ৰৱাত পুনৰ সংঘটিত হৈছে আন এক জঘন্য ঘটনা । এইবাৰ বটদ্ৰৱাৰ পৱিত্ৰ গংগাৰ পাৰো যেন কলুষিত কৰিলে এটা লম্পটে । গংগাৰ পাৰলৈ মাতি নি এগৰাকী কিশোৰীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই জঘন্য ঘটনা সংঘটিত হৈছে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাত ।

উত্থাপন হোৱা অভিযোগ অনুসৰি নগাঁৱৰেই জুৰীয়াৰ কলাডুবা অঞ্চলৰ তৈবুৰ ৰহমান নামৰ এটা লম্পটে বটদ্ৰৱাৰ কিশোৰী এগৰাকীৰ সৈতে প্ৰেমৰ নামত যৌন নিৰ্যাতন চলাই আহিছিল । শেহতীয়াকৈ বটদ্ৰৱাৰ গংগাৰ পাৰলৈয়ো কিশোৰীগৰাকীক মাতি নি যৌন নিৰ্যাতন চলোৱাত স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক অৱগত কৰে । আজি ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যে তৈবুৰ ৰহমানে বিভিন্ন প্ৰলোভনেৰে যৌন নিৰ্যাতন চলাই আহিছিল যদিও তেওঁলোক এই বিষয়ে জ্ঞাত নাছিল ।

ইয়াৰ পিচত পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে । ইয়াৰ পিচতেই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি অভিযুক্ত তৈবুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হয় বটদ্ৰৱা আৰক্ষী । সম্প্ৰতি অভিযুক্ত তৈবুৰ ৰহমানক মাৰাথন জেৰা অব্যাহত ৰাখিছে বটদ্ৰবা আৰক্ষীয়ে । কিশোৰীক প্ৰেমৰ নামত যৌন নিৰ্যাতন চলোৱা লম্পট তৈবুৰ ৰহমানৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰি ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদানৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে । ইপিনে, বিভিন্ন মহলেও এই স্থানত এনে অনৈতিক কাৰ্য সংঘটিত কৰা অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ।

লগতে পঢ়ক:ছয়গাঁৱত বনকৰা কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ পিতা-পুত্ৰ - Minor Girl Sexually Abused

ধেমাজিত হোষ্টেলৰ গৰাকীৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ, গ্ৰেপ্তাৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.