ETV Bharat / state

ধেমাজিত হোষ্টেলৰ গৰাকীৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ, গ্ৰেপ্তাৰ অভিযুক্ত

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 7:05 PM IST

Crime in Dhemaji
ধেমাজিত নাবালিকাক শাৰীৰিক নিৰ্যাতন

Molestation case in Dhemaji: ধেমাজি জামুগুৰি পাঁচআলিত নাবালিকাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ । অভিযুক্তৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ।

ধেমাজিত নাবালিকাক শাৰীৰিক নিৰ্যাতন

ধেমাজি, ১২ জানুৱাৰী: ধেমাজিত পুনৰ নাবালিকাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ চেষ্টা কৰাৰ ঘটনা সংঘটিত হৈছে । এইবাৰ হোষ্টেলত থকা এগৰাকী দহ বছৰীয়া নাবালিকাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । খোদ হোষ্টেলৰ গৰাকীয়ে এই দুষ্কৰ্ম কৰাৰ অভিযোগ উত্থাপিত হোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ পিচতেই নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্তৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত পোহৰলৈ আহিছে এই দুষ্কৰ্মৰ কথা ।

পৰিয়ালৰ লোকে অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধেমাজি জামুগুৰি পাঁচআলিৰ ললিল বৰা নামৰ পাষণ্ডটোক ৷ উত্থাপিত অভিযোগ মতে,ধেমাজি নৰোৱা থানৰ বাসিন্দা দহ বছৰীয়া ছাত্ৰী গৰাকীক টিউচনৰ বাবে ধেমাজি পাচঁআলিৰ ধৃত লোকজনৰ হোষ্টেলত থাকোতেই পাঁচআলিৰ ললিল বৰা নামৰ পাষণ্ডটোৱে এই দুষ্কৰ্ম সংঘটিত কৰে । যোৱা ৫ জানুৱাৰীৰ পৰা ছাত্ৰী গৰাকীক টিউচনৰ বাবে এই হোষ্টেলটোত আছিল ।

পিছে এসপ্তাহ সম্পূৰ্ণ নৌহওঁতেই যোৱা বৃহস্পতিবাৰে নিশা ছাত্ৰীগৰাকীক বলপূৰ্বকভাৱে লম্পটটোৱে দুষ্কৰ্ম কৰাৰ অপচেষ্টা কৰে ৷ দুষ্কৰ্ম কৰিবলৈ অপচেষ্টা কৰা লোকজনৰ কবলৰ পৰা কোনোমতে দৌৰি গৈ নিজকে ৰক্ষা কৰে নাবালিকা গৰাকীয়ে ৷ ইয়াৰ পিছতেই এই ঘটনা সম্পৰ্কে পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ লোকে অভিযুক্ত ললিল বৰা বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ অৱশেষত অভিযুক্ত ললিল বৰা আজি ধেমাজি সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইপিনে, কনমানি ছাত্ৰীগৰাকীৰ সৈতে দুষ্কাৰ্য কৰাৰ চেষ্টা কৰাক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি ৷ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে এই দুষ্কাৰ্যক তীব্ৰ গৰিহণা দি অভিযুক্ত লোকজনক উপযুক্ত শাস্তিৰ দাবী জনাইছে ।

ভোগৰ ভোগালী: এইবাৰ ভোগালীৰ উৰুকাত আঁৰি-চিতলৰ জোলেৰে এসাঁজ খাব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.