ধর্মীয় গোড়ামিত বিশ্বাসী তৌছিফে প্রতিদিনেই পাঁচবাৰকৈ পঢ়িছিল নামাজ - GUWAHATI IIT STUDENT ARRESTED
IIT Guwahati Student Arrested: ISIS ৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা গুৱাহাটী আই আই টিৰ ছাত্ৰ তৌছিফে ইউ টিউবত আইছিছৰ ভিডিঅ' চাই অনুপ্রাণিত হৈছিল ৷ প্ৰতিদিনেই পাঁচবাৰকৈ নামাজ পঢ়িছিল তৌছিফে ৷ আৰক্ষীৰ আগত এই কথা স্বীকাৰ তৌছিফৰ ৷

Published : March 25, 2024 at 9:00 PM IST
গুৱাহাটী,২৫ মাৰ্চ: আইছিছত যোগদান কৰিম বুলি ঘোষণা কৰি গ্ৰেপ্তাৰ হোৱা গুৱাহাটী আই আই টিৰ মেধাৱী ছাত্ৰ তৌছিফ আলী ফাৰুকীয়ে ইউ টিউবত আইছিছৰ ভিডিঅ' চাই অনুপ্রাণিত হোৱা কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে । তেওঁ লগতে প্ৰতিদিনে কোৰাণ পঢ়াৰ কথা স্বীকাৰ কৰি শেহতীয়াকৈ অত্যধিক নিচাসক্ত হৈ পৰা বুলিও আৰক্ষীৰ আগত উল্লেখ কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
হোষ্টেলত অকলশৰীয়াকৈ থাকি ভালপোৱা ধর্মীয় গোড়ামিত বিশ্বাসী তৌছিফে প্রতিদিনেই পাঁচবাৰকৈ নামাজ পঢ়া বুলি ইতিমধ্যে তেওঁৰ সহপাঠীসকলেও আৰক্ষীক জানিবলৈ দিয়ে । এছ টি এফৰ লকআপত থকাৰ সময়তো তেওঁ নামাজ পঢ়া বুলি তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিছে । আৰক্ষীৰ তদন্তত প্রকাশ পোৱা মতে, দিল্লীৰ পাটনা হাউচৰ কাষতে ঘৰ তৌছিফৰ ।
সৰুৰে পৰা অতি মেধাৱী তৌছিফৰ আই আই টিত শিক্ষাগ্রহণৰ সপোন আছিল । তৌছিফৰ পিতৃ-মাতৃ পৃথকে পৃথকে থাকে যদিও মাতৃয়ে এখন কাপোৰৰ দোকান চলায় । তদুপৰি তৌছিফৰ সম্পৰ্কীয় এজন খুড়াক অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া । ইছলামিক ভাৰতৰ সপোন দেখা তৌছিফে ইউ টিউবত আইছিছৰ ভিডিঅ' চাই অনুপ্রাণিত হোৱা বুলিও আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে ।
ইছলামিক ষ্টেটৰ অধ্যুষিত খোড়চান প্রদেশলৈ যোৱাৰ লক্ষ্যৰে আই আই টিৰ হোষ্টেলৰ পৰা ওলাই অহা তৌছিফে আইছিছৰ যোগদানৰ বাবে বিভিন্নজনলৈ ই-মেইলো প্ৰেৰণ কৰাৰ কথা স্বীকাৰ কৰিছে । যাৰ বাবে এছ টি এফে তৌছিফৰ লগতে সহপাঠী ছোহেইল উৰ ৰহমানৰ মোবাইল, লেপটপ জব্দ কৰি পৰীক্ষা কৰিছে ।
এছ টি এফৰ জেৰাত তৌছিফ আলী ফাৰুকীয়ে আই আই টিৰ আন এজন ছাত্রও আইছিছৰ সমৰ্থন জনোৱাৰ কথা স্বীকাৰ কৰাত তাৎক্ষণিকভাবে এছ টি এফৰ এটা দলে দেওবাৰে আই আই টি গুৱাহাটীত অভিযান চলাই লোহিত ছাত্ৰাৱাসৰ পৰা ছোহেইল উৰ ৰহমানক জেৰা চলায় । জম্মু-কাশ্মীৰৰ বাসিন্দা ছোহেইল উৰ ৰহমান আই আই টিৰ বি টেকৰ ছাত্ৰ ।
STFৰ তীক্ষ্ণ নজৰত আছে IITৰ ছাত্র ছোহেইল উৰ ৰহমান । ছাত্ৰজনক বৰ্তমানলৈ আটক বা গ্ৰেপ্তাৰ কৰা নাই যদিও আৰক্ষীয়ে নজৰ ৰাখিছে ছোহেইলৰ গতিবিধি । লগতে আই আই টিৰ গুৱাহাটীৰ ছাত্ৰ কেনেকৈ আইছিছৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে, সেই বিষয়টোক লৈ অনুসন্ধান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ।
উল্লেখ্য যে, আইছিছত যোগদান কৰিম বুলি ঘোষণা কৰি শনিবাৰে গ্ৰেপ্তাৰ হৈছিল গুৱাহাটী আই আই টিৰ বায়'টেকনলজিৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী । তৌছিফক দেওবাৰে আদালত হাজিৰ কৰি আৰক্ষীয়ে ১৪ দিনৰ জিন্মাত বিচাৰিছিল যদিও আদালতে তেওঁক ১০ দিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ।

