ETV Bharat / state

গুৱাহাটী IIT ৰ বায়টেকন’লজিৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰৰ ISIS ৰ সৈতে সম্পৰ্ক ! - GUWAHATI IIT STUDENT ARRESTED

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 11:04 PM IST

Updated : Mar 24, 2024, 6:45 AM IST

guwahati iit student detained by assam police for alleged link with isis
আটক

ISIS leaders in Assam : IIT ৰ ছাত্ৰই ISIS ত যোগদান কৰা সন্দৰ্ভত STF ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল ৷

আৰক্ষী অধীক্ষকৰ সংবাদমেল

গুৱাহাটী, ২৩ মাৰ্চ : গুৱাহাটী IIT ৰ বায়টেকন’লজিৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰৰ ISIS ৰ সৈতে সম্পৰ্ক থকাৰ সন্দৰ্ভত STF ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকে এখন সংবাদমেল সম্বোধন কৰে ৷ ISIS ত যোগ দিয়া বুলি ঘোষণা কৰা গুৱাহাটী IIT ৰ বায়টেকন’লজিৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীক অসম আৰক্ষীয়ে আটক কৰিছে । হাজোৰ পৰা আৰক্ষীয়ে আটক কৰিছে তৌছিফ আলী ফাৰুকীক । মহানগৰীৰ পাণবজাৰৰ তৌছিফ আলী ফাৰুকীয়ে দিল্লী আৰক্ষী আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়ালৈ মেইল কৰি আৰু নিজৰ লিংকডিন পেজত শনিবাৰে দুপৰীয়া ISIS লৈ যোৱা কথা ঘোষণা কৰে । ভগৱানৰ নামত নিজৰ জীৱনতো উৎসৰ্গা কৰি ISIS ত যোগ দিয়া বুলি ঘোষণা কৰে তৌছিফ আলী ফাৰুকীয়ে ।

guwahati iit student alleged to linked with isis detained
ইমেইল

কল্যাণ পাঠকে এখন সংবাদমেল সম্বোধন কৰি ছাত্ৰজনক আটক কৰাৰ পিচত চলি থকা অনুসন্ধান সম্পৰ্কে সকলোকে অৱগত কৰে ৷ বহু তথ্য ইতিমধ্যে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ অৱশ্যে বহু খবৰ প্ৰকাশ কৰাৰ পৰাও বিৰত থাকে তেওঁ ৷

guwahati iit student alleged to linked with isis detained
ইমেইল

প্ৰাপ্ত তথ্য অনুসৰি, ছাত্ৰজন যিটো হোষ্টেলত আছিল STF এ অভিযান চলাই তাত এখন ফ্লেগ উদ্ধাৰ কৰিছে । ছাত্ৰজনে অকলে থাকিয়ে ভাল পাইছিল । কাৰো লগত কোনো সম্পৰ্ক ৰখা নাছিল তেওঁ । আজি দুপৰীয়াৰ পৰা ছাত্ৰজন নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে ৷ দিল্লীৰ বাসিন্দা তৌছিফ আলী ফাৰুকী ৷

guwahati iit student alleged to linked with isis detained
ইমেইল

উল্লেখ্য যে, দুদিন পূৰ্বে ধুবুৰীত গ্ৰেপ্তাৰ হৈছিল ISIS ইণ্ডিয়াৰ মুৰব্বী । সন্ত্ৰাসবাদী সংগঠন আইছিছৰ ভাৰতৰ মুৰব্বী, কুখ্যাত সন্ত্ৰাসবাদী হাৰিছ ফাৰুকী ওৰফে হাৰিছ আজমল ফাৰুকীৰ লগতে তেওঁৰ সহযোগী অনুৰাগ সিং ওৰফে ৰেজানক ধুবুৰীৰ পৰা বুধবাৰে পুৱা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । ফাৰুকী বোমা নিৰ্মাণত পাকৈত বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে । আনহাতে সন্ত্ৰাসবাদী অৰ্থ (Terror funding) সংগ্ৰহটো পাকৈত ফাৰুকী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক : নিজৰ ঘৰ-বাৰী এৰি দেৰাদুনৰ হাৰিছ এদিন হৈ পৰিল আইছিছ ভাৰতৰ মুৰব্বী - ISIS India Head Haris Farooqi

Last Updated :Mar 24, 2024, 6:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.