ETV Bharat / bharat

নিজৰ ঘৰ-বাৰী এৰি দেৰাদুনৰ হাৰিছ এদিন হৈ পৰিল আইছিছ ভাৰতৰ মুৰব্বী - ISIS India head Haris Farooqi

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 9:28 PM IST

Updated : Mar 21, 2024, 10:36 PM IST

Etv BharatISIS India head Haris Farooqi
ডেৰাডুনত বাস কৰে আইছিছ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকীৰ পৰিয়াল

ISIS India head Haris Farooqi: বুধবাৰে ধুবুৰীৰ পৰা অসম আৰক্ষীয়ে আইছিছ ভাৰতীয় মুৰব্বী হৰিছ ফাৰুকী আৰু তেওঁৰ সহযোগী সন্ত্ৰাসবাদী অনুৰাগ সিঙক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ জেৰাত হাৰিছ ফাৰুকী উত্তৰাখণ্ডৰ বাসিন্দা আৰু তেওঁৰ পৰিয়াল দেৰাদুনত বাস কৰে বুলি জানিবলৈ দিয়ে ।

নেশ্যনেল ডেস্ক, 21 মাৰ্চ : বুধবাৰে অসম আৰক্ষীয়ে ভাৰত-বাংলা সীমান্তৱৰ্তী ধুবুৰীৰ ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ কৰে ISIS ৰ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকীসহ তেওঁৰ সহযোগী পানীপথৰ অনুৰাগ সিং ওৰফে ৰেহানক ৷ শেহতীয়া তথ্য অনুসৰি, হাৰিছ ফাৰুকী উত্তৰাখণ্ডৰ বাসিন্দা আৰু তেওঁৰ পৰিয়াল দেৰাদুনত বাস কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

একে সময়তে, তেওঁৰ সহযোগী অনুৰাগ সিং ওৰফে ৰেহান পানীপথৰ বাসিন্দা । অনুৰাগ সিঙে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ পত্নী বাংলাদেশৰ নাগৰিক। হাৰিছ ফাৰুকীৰ উত্তৰাখণ্ড সংযোগ পোহৰলৈ অহাৰ পিচত, ৰাজ্যিক আৰক্ষীয়েও সতৰ্ক হৈ পৰিছে ৷ আৰক্ষীয়ে দেৰাদুনত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

জেৰাৰ সময়ত হাৰিছ ফাৰুকীয়ে জানিবলৈ দিয়ে যে, তেওঁৰ পৰিয়ালে যোৱা প্ৰায় ২০ বছৰ ধৰি দেৰাদুনৰ দালানৱালা কোতৱালী অঞ্চলত বাস কৰে । ফাৰুকীৰ পিতৃয়ে দেৰাদুনত এখন ঔষধৰ বিপণি চলায়।

স্থানীয় চোৰাংচোৱা আৰু আৰক্ষীৰ মতে, ফাৰুকী যোৱা 10-12 বছৰ ধৰি দেৰাদুনলৈ অহা নাই । ফাৰুকীয়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল, কিন্তু বিশ্ববিদ্যালয় এৰাৰ পিচত, তেওঁ কেতিয়াও পৰিয়ালক লগ কৰিবলৈ দেৰাদুনলৈ অহা নাছিল । হাৰিছ ফাৰুকী আৰু তেওঁৰ সহযোগী সন্ত্ৰাসবাদী অনুৰাগ সিঙে ভাৰততে সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ লৈছে ।

দুয়োজনৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰৰ ওপৰত কাম কৰাৰ লগতে সন্ত্ৰাসবাদীৰ পুঁজি সংগ্ৰহ কৰাৰ অভিযোগ আছে । ইয়াৰ উপৰিও, তেওঁলোক দুয়োজনে যুৱকসকলক বিপথে পৰিচালিত কৰিবলৈ আৰু তেওঁলোকৰ সংগঠনত নিযুক্তি দিবলৈ চেষ্টা কৰিছিল । দিল্লী আৰু লক্ষ্ণৌত দুয়োজন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কেইবাটাও গোচৰ তৰা হৈ আছে ৷

দেৰাদুনৰ এছ এছ পি অজয় সিঙে কয় যে, হাৰিছ ফাৰুকীয়ে যোৱা 10 ৰ পৰা 12 বছৰ ধৰি দেৰাদুনলৈ অহা নাই । তেওঁৰ এই কাৰ্যকলাপৰ বাবে হাৰিছ ফাৰুকীৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে সম্পৰ্ক নাছিল ।

চোৰাংচোৱা তথ্যৰ পৰা পোৱা ইনপুটৰ পিচত, আৰক্ষীয়ে এই গোচৰটোৰ সন্দৰ্ভত তদন্ত কৰে ৷ তদন্তত প্ৰকাশ পাই যে হাৰিছ ফাৰুকীৰ তেওঁৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে সম্পৰ্কত নাই ৷ অথবা তেওঁ যোৱা 12 বছৰত দেৰাদুনলৈ অহা নাই ৷

লগতে পঢ়ক: হাৰিছ ফাৰুকীৰ নিৰ্দেশত ক’ত ক’ত প্ৰস্তুত হৈছে ISIS ৰ নেটৱৰ্ক ? - Haris Farooqi connections with AMU

Last Updated :Mar 21, 2024, 10:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.