ETV Bharat / state

পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী, ১২ মাৰ্চত ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 10:34 PM IST

OPS reintroducing: নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীত অহা ১২ মাৰ্চত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে শ্ৰমিক-শিক্ষক-কৰ্মচাৰীয়ে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিব । সংবাদমেলত এই কথা ঘোষণা সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ । পেন্সন নীতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্যৰ তীব্ৰ সমালোচনা সংস্থাৰ ।

OPS reintroducing
১২ মাৰ্চত ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট

১২ মাৰ্চত ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট

গুৱাহাটী,২ মাৰ্চ: নতুন পেন্সন নীতি বাতিল আৰু শ্ৰমিক-কৰ্মচাৰীৰ অৱসৰী জীৱনৰ লাখুটিস্বৰূপ পুৰণি পেন্সন নীতি ব্যৱস্থা পুনৰ প্ৰৱৰ্তন নোহোৱালৈকে আন্দোলন অব্যাহত ৰাখিব সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

অহা ১২ মাৰ্চত অসমৰ প্ৰতিটো ৰাজহুৱা স্থানত শ্ৰমিক-শিক্ষক-কৰ্মচাৰীয়ে ২ ঘণ্টীয়া অৱস্থান কাৰ্যসূচী পালন কৰি অসমৰ ৰাজ্যপাললৈ এনপিএছ বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব । তদুপৰি এনপিএছ যিহেতু দেশৰ সামাজিক-অৰ্থনৈতিক সমস্যা, সেয়েহে ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে ৰাইজৰ সহযোগৰ বাবে সেইদিনাৰ পৰাই অসমৰ সকলো ৰাজইক গোহাৰী পত্ৰ বিতৰণ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই এই কথা ঘোষণা কৰে । তেওঁ সংবাদমেলত কয় যে নতুন পেন্সন নীতিৰ পৰ্যালোচনা হ'ব বুলি বিভিন্ন মহলৰ পৰা পোৱা বাতৰিৰ পিচতে দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে ২৬ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ মজিয়াত পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী নস্যাৎ কৰিছে । পুৰণি পেন্সন নীতি অব্যাহত ৰাখিলে ৰাজ্যৰ অৰ্থনীতি ভাঙি পৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে । ইয়াৰ লগতে এনপিএছ সম্পৰ্কত কিছুমান বিভ্ৰান্তিকৰ তথ্যও দাখিল কৰিছে ।

সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা আৰু জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নছ অসমে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰে । পেন্সনৰ নামত এয়া এক প্ৰতাৰণা আৰু কৰ্মচাৰীসকলৰ ধনক বজাৰত বিনিয়োগ কৰি পুঁজিপতি গোষ্ঠীক অধিক ধনী কৰাৰ এক পৰিকল্পনাৰ নামান্তৰহে মাত্ৰ বুলি সংবাদমেলত অভিযোগ কৰে অচ্যুতানন্দ হাজৰিকাই । তেওঁ উল্লেখ কৰা মতে ২০৩৫ চনত প্ৰতিমাহে ৩০,০০০ টকাকৈ পাবলৈ হ'লে এনপিএছত মুঠ ধন হ'ব লাগিব ১,৫০,৯২,০০০ টকা । মহাবিদ্যালয়ৰ শিক্ষক বা প্ৰশাসনিক বিষয়া পৰ্যায়তহে এই ধন জমা হোৱা সম্ভৱ ।

মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কেবল এক অংশৰ শ্ৰমিক-শিক্ষক-কৰ্মচাৰীৰ বাবে এনপিএছ সমস্যা নহয় । সকলো স্তৰৰ শ্ৰমিক-কৰ্মচাৰী-শিক্ষকৰ বাবে এনপিএছ এক সমস্যা আৰু ৰাজ্য তথা দেশৰ আৰ্থ-সামাজিক সুস্থিৰতাৰ প্ৰতি ই এক বৃহৎ ভাবুকি বুলিও হাজৰিকাই দাবী কৰে । আনহাতে প্ৰতি বছৰে চৰকাৰৰ হাতৰ পৰা বৃহৎ পৰিমাণৰ ধন এনপিএছ আঁচনিৰ দ্বাৰা পুঁজিপতিৰ হাতলৈ যায় বুলি তেওঁ অভিযোগ কৰে ।

বৰ্তমান দেশৰ ১০ লাখ কোটি টকা এনপিএছত বিনিয়োগ হৈ দেশৰ অৰ্থনৈতিক নিয়ন্ত্ৰণ পুঁজিপতি গোষ্ঠীৰ হাতলৈ যোৱাৰ পথত । অনাগত সময়ত দেশৰ শাসন ব্যৱস্থাই গ্ৰহণ কৰা সিদ্ধান্ত কেইজনমান পুঁজিপতিয়ে নিৰ্ণয় কৰাৰ পৰিৱেশ হ'ব বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে । এনপিএছ চলি থাকিলে পেন্সনাৰসকলে বজাৰৰ পৰা কিনিব পৰা ক্ষমতা হ্ৰাস হ'ব আৰু তাৰ বাবে স্থানীয় দোকানী-বেপাৰী প্ৰত্যক্ষভাৱে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ।

সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা আৰু জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নছ অসমে সকলো শ্ৰমিক-শিক্ষক-কৰ্মচাৰীকে এনপিএছৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখাৰো আহ্বান জনাই অচ্যুতানন্দ হাজৰিকাই ।

লগতে পঢ়ক :পুৰণি পেন্সন নীতি পুনঃ প্ৰৱৰ্তনৰ দাবীত উত্তাল সদন, OPS এ দেউলীয়া কৰিব চৰকাৰক- মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.