ETV Bharat / state

গুৱাহাটী বিমানবন্দৰত IPS বিষয়াৰ বিৰুদ্ধে মহিলা কৰ্মচাৰীক নিৰ্যাতনৰ অভিযোগ - IPS officer accused of harassing

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 10:45 PM IST

Updated : Apr 4, 2024, 11:45 AM IST

Guwahati airport : লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্তব্যৰত এগৰাকী মহিলা কৰ্মচাৰীক এগৰাকী আইপিএছ (IPS) বিষয়াই নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ গোচৰ তৰিলে বিমানবন্দৰ কৰ্তৃপক্ষই ৷

Guwahati airport
গোচৰ তৰিলে বিমান বন্দৰ কৰ্তৃপক্ষই

গুৱাহাটী, 3 এপ্ৰিল : গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্তব্যৰত এগৰাকী মহিলা কৰ্মচাৰীক এগৰাকী আইপিএছ (IPS) বিষয়াই নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত গুৱাহাটী পশ্চিমৰ উপ আৰক্ষী আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গুৱাহাটীৰ মুখ্য বিমান বন্দৰ বিষয়া উৎপল বৰুৱাই ৷

17 মাৰ্চতেই এই ঘটনা ঘটা বুলি কোৱা হৈছে আৰু 19 মাৰ্চত বিমানবন্দৰ কৰ্তৃপক্ষই মহিলা কৰ্মচাৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে ৷ CRPF ৰ ADG আই পি এছ বিনোদ কুমাৰ সিঙৰ বিৰুদ্ধে গুৱাহাটী বিমানবন্দৰত কৰ্তব্যৰত এগৰাকী মহিলা কৰ্মচাৰীৰ পৰা লাভ কৰা হাৰাশাস্তিৰ অভিযোগৰ ভিত্তিত বিমানবন্দৰ কৰ্তৃপক্ষই এই অভিযোগ দাখিল কৰিছে ৷ অসম আৰক্ষীক দিয়া লিখিত অভিযোগ অনুসৰি 17 মাৰ্চৰ পুৱা 10 বজাত এই ঘটনা সংঘটিত হৈছিল ৷ সেইদিনা চি আৰ পি এফৰ এগৰাকী এ ডি জি, আই পি এছ বিনোদ কুমাৰ সিং গুৱাহাটীৰ এল জি বি আই বিমানবন্দৰৰ মাজেৰে যাত্ৰা কৰিছিল ৷

Guwahati airport
মহিলা কৰ্মচাৰীক আইপিএছ বিষয়াই নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ

চি আৰ পি এফৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ কৰ্তৃত্বশীল বিষয়াৰ লিখিত অনুৰোধ মৰ্মে বিমানবন্দৰটোৰ ডিপাৰ্চাৰ লাউঞ্জত জিৰণিৰ সুবিধা কৰি দিছিল বিষয়াগৰাকীক ৷ এই ৰিজাৰ্ভ লাউঞ্জত কৰ্তব্য পালন কৰি থকা এগৰাকী মহিলা কৰ্মচাৰীক আই পি এছ বিষয়া সিঙে নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ৷ বিৱৰণ অনুসৰি লাউঞ্জৰ ভিতৰত অভিযুক্ত বি কে সিঙে মহিলাগৰাকীক জোৰকৈ সাৱটি ধৰিবলৈ উদ্যত হয় ৷ তেনে সময়তে বিমানবন্দৰটোৰ এগৰাকী কৰ্মচাৰী লাউঞ্জলৈ অহাত অভিযুক্ত আই পি এছ বিষয়া বিনোদ কুমাৰ সিঙে নিজৰ ফোন স্ক্ৰল কৰি লাউঞ্জৰ পৰা ওলাই যায় ৷ এই সমগ্ৰ ঘটনা জনাই বিমানবন্দৰ কৰ্তৃপক্ষই ন্যায় বিচাৰি আৰক্ষীক লিখিত অভিযোগ দাখিল কৰা এই ঘটনাটো মঙলবাৰেহে পোহৰলৈ আহিছে ৷ অসম আৰক্ষীয়ে এই প্ৰসংগত নিজৰ প্ৰাথমিক তদন্ত আগবঢ়াইছে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক : কামাখ্যা কৰিড’ৰ প্ৰসংগত অসম চৰকাৰলৈ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ - HC ON Kamakhya Corridor Project

Last Updated :Apr 4, 2024, 11:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.