ETV Bharat / state

চেলা পাছৰ সুৰংগৰ ভিতৰত অংকিত অৰুণাচল প্ৰদেশৰ সংস্কৃতিৰ চিহ্ন, সন্মুখত বুদ্ধৰ প্ৰতিমূৰ্তি

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 6:27 PM IST

Updated : Feb 19, 2024, 8:07 PM IST

Sela tunnel : 13,000 ফুট উচ্চতাৰ চেলা পাছৰ সুৰংগ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে ৷ এই উচ্চতাত বৰ্তমানলৈকে কোনো সুৰংগ নিৰ্মাণ হোৱা নাই ৷ সেয়েহে দ্বি-লেনযুক্ত এই সুৰংগ মুকলি হ’লে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত হ’ব ৷

Sela tunnel
13,000 ফুট উচ্চতাৰ চেলা পাছৰ সুৰংগ নিৰ্মাণ সম্পূৰ্ণ

নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে চেলা পাছৰ সুৰংগ

তেজপুৰ, 19 ফেব্ৰুৱাৰী : উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত-চীন, ভাৰত-তিব্বত সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টাৱাং জিলা সংলগ্ন হোৱাকৈ 13,000 ফুট উচ্চতাৰ চেলা পাছৰ সুৰংগ (Sela Pass Tunnel) নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে ৷ অতি উচ্চতাৰ দ্বি-লেনযুক্ত এই সুৰংগ মুকলি হ’লে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত হ’ব ৷ কাৰণ এই উচ্চতাত বৰ্তমানলৈকে কোনো সুৰংগ নিৰ্মাণ হোৱা নাই ৷

বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ প্ৰজেক্ট ভৰ্টকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ ৰমন কুমাৰে ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জনায় যে সুৰংগত কিছু নতুন বৈশিষ্ট্য আছে ৷ সুৰংগৰ দুয়ো দিশৰ প্ৰৱেশদ্বাৰত থাকিব ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি ৷ লগতে ভিতৰচ’ৰাত সুৰংগৰ চাৰিওফালে অংকন কৰা হৈছে অৰুণাচল প্ৰদেশৰ বিভিন্ন জনজাতীয় লোকসকলৰ পৰম্পৰা, লোক সংস্কৃতিৰ দৃশ্য ৷ যি দৃশ্য গাড়ীৰে পাৰ হওঁতে উপভোগ কৰিব পাৰিব পৰ্যটক সকলে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয় যে এই পেইণ্টিং সমূহৰ অংকন ইতিমধ্যে আৰম্ভ কৰা হৈছে, কেইদিনমানৰ ভিতৰতে ই সম্পূৰ্ণ হৈ উঠিব ৷ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ প্ৰজেক্ট ভৰ্টকৰ অধীনত এই সুৰংগ নিৰ্বাচনৰ পূৰ্বে অর্থাৎ চলিত ফেব্ৰুৱাৰী মাহতে দেশৰ বাবে উৎসৰ্গিত কৰাৰ সম্ভাৱনা আছে ৷ বিগত সময়ছোৱাত প্ৰতিকূল বতৰ আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজত অত্যন্ত বৰষুণৰ বাবে পথৰ সংলগ্নকৈ ব্লেক টেপিং কৰাত কিছু পৰিমাণে বাধাৰ সৃষ্টি হৈছিল যদিও সেই কামো সম্পূৰ্ণ হৈ উঠিছে ৷ বৰ্তমান প্ৰচণ্ড তুষাৰপাতৰ মাজতে বহু প্ৰত্যাহ্বান নেওচি পশ্চিম অৰুণাচল প্ৰদেশৰ কামেং আৰু টাৱাঙৰ আন সকলো জটিল পথত ফৰৱাৰ্ড কানেক্টিভিটিৰ বাবে বি আৰ অ’ৰ (BRO) প্ৰচেষ্টা আৰু অগ্ৰগতিৰ ওপৰত সৰ্বোচ্চ পৰ্যায়ত নিৰ্মাণ হৈছে এই চেলা সুৰংগ ৷

কঠোৰ পৰিশ্ৰমৰ মাজত এই সুৰংগৰ নিৰ্মাণকাৰ্য চলি আছে ৷ সেনা বিষয়াজনে কয় যে সাগৰপৃষ্ঠৰ পৰা 13,000 ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ, অতি উচ্চতাৰ সমগ্ৰ এছিয়াৰ ভিতৰতে প্ৰথম দ্বি-লেনযুক্ত পথ সুৰংগ ৷ প্ৰকল্পটোত 475 মিটাৰ আৰু 1790 মিটাৰ দৈৰ্ঘ্যৰ দুটা সুৰংগ থাকিব, যিয়ে পশ্চিম অৰুণাচল প্ৰদেশৰ দিৰাঙৰ পৰা টাৱাংলৈ প্ৰায় 9.220 কিলোমিটাৰ যাত্ৰাৰ দূৰত্ব হ্ৰাস কৰিব ৷ প্ৰকল্পটোত 1,790 মিটাৰ আৰু 475 মিটাৰ দৈৰ্ঘ্যৰ দুটা সুৰংগৰ লগতে 980 মিটাৰ এস্কেপ টিউব ব্যৱহাৰ কৰা হৈছে ৷ সুৰংগৰ ভিতৰত আছে অত্যাধুনিক প্ৰযুক্তিৰ লাইট, চিচি কেমেৰা আৰু কেবাটাও প্ৰস্থান দুৱাৰ ৷ প্ৰস্থান দুৱাৰসমূহৰ তদাৰক কৰিব ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ দায়িত্বত থকা বিষয়াই আৰু যিকোনো সময়তে ঘটিব পৰা অবাঞ্চিত ঘটনাৰ বাবে থাকিব চোকা দৃষ্টি ৷

সীমান্ত পথ সুৰক্ষা সংস্থা, ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ সঞ্চালকে 2021 চনৰ জানুৱাৰীত সেনা দিৱসত তেওঁৰ ভ্ৰমণৰ সময়ত এস্কেপ টিউবৰ প্ৰথম বিস্ফোৰণ আৰম্ভ কৰিছিল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ইটানগৰ ভ্ৰমণৰ সময়ত বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো সংযোগ প্ৰদান কৰাৰ বাবে 2019 চনৰ 19 ফেব্ৰুৱাৰীত চেলা টানেলৰ আধাৰশিলা স্থাপন কৰিছিল ৷ সুৰংগটোৰ নিৰ্মাণ 1 এপ্ৰিল, 2019 তাৰিখে আৰম্ভ হৈছিল আৰু ইয়াৰ প্ৰথমতো বিস্ফোৰণ 31 অক্টোবৰ, 2019 তাৰিখে সংঘটিত কৰা হৈছিল ৷ ফেব্ৰুৱাৰী মাহৰ শেষত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সুৰংগ মুকলি কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক : প্ৰচণ্ড বৰফৰ মাজত সীমান্তত কৰ্তব্যৰত সশস্ত্ৰ সীমা বল

Last Updated :Feb 19, 2024, 8:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.