ETV Bharat / state

পদূলিত ৰঙালী : বিহুৰ বজাৰত দাম বৃদ্ধি আৰু নিৰ্বাচনৰ প্ৰভাৱ - Rongali Bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 4:13 PM IST

RONGALI BIHU 2024
ৰঙালী বিহুলৈ মাজত মাথো এটা দিন বাকী

মহানগৰীৰ বিহুৰ বজাৰত গ্ৰাহকৰ ভিৰ ৷ দাম বৃদ্ধি আৰু লোকসভা নিৰ্বাচনৰ মাজতে অসমীয়া ৰাইজে আদৰিবলৈ সাজু হৈছে হেঁপাহৰ ৰঙালী বিহু ৷

অসমীয়া ৰাইজে আদৰিবলৈ সাজু হৈছে হেঁপাহৰ ৰঙালী বিহু

গুৱাহাটী, 12 এপ্ৰিল : পদূলি মুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী ৷ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো এটা দিন বাকী ৷ আজি ৰঙালীৰ উৰুকা ৷ ঢোলৰ গুমগুমনি, পেঁপাৰ মাতত মুখৰিত হৈছে উজনি-নামনি ৷ ৰঙালীক আদৰিবলৈ সাজু হৈছে অসমীয়া ৰাইজ ৷

এইবাৰ লোকসভা নিৰ্বাচনৰ ধামখুমীয়া পৰিৱেশৰ মাজতে হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে অসমীয়া ৷ বিহুক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে ৰাজ্যৰ আকাশ-বতাহ ৷ বিহু উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূর্ণ কৰি তুলিছে বিহু কমিটীসমূহে ৷ ইয়াৰ মাজতে বিহুৰ বজাৰত বৃদ্ধি পাইছে গ্ৰাহকৰ ভিৰ ৷ বিহুৰ সময়ত আত্মীয়-স্বজন, শুভাকাংক্ষী, বন্ধু-বান্ধৱক বিহুৱান এখন, এসাজ নতুন কাপোৰ দিয়াৰ মানসেৰে বহু অসমীয়াই ভিৰ কৰিছে বজাৰত ৷

নিজৰ নিজৰ পচন্দৰ পোছাক ক্ৰয় কৰিবলৈ বজাৰসমূহত ভুমুকি মাৰিছে ৰাইজ ৷ বিশেষকৈ গুৱাহাটীৰ ফাঁচী বজাৰ, বিহু মেলাবোৰত গ্ৰাহকৰ যথেষ্ট ভিৰ দেখা গৈছে ৷ কিন্তু সামগ্ৰীৰ দাম বৃদ্ধি আৰু নিৰ্বাচনে বিহুৰ বজাৰত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ বজাৰত গামোচাৰ বিক্ৰী ভাল হৈছে যদিও মেখেলা-চাদৰৰ বিক্ৰী ভাল হোৱা নাই বুলি মন্তব্য কৰিছে একাংশ ব্যৱসায়ীয়ে ৷

আন একাংশ ব্যৱসায়ীৰ মতে বিহু আৰু ঈদ একেলগে পৰাৰ বাবে বিহুৰ বজাৰ এইবাৰ পূৰ্বতকৈ ভাল হৈছে ৷ আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মহানগৰীৰ বিহু মেলালৈ অহা ব্যৱসায়ীসকলে জনোৱা অনুসৰি এইবাৰ কপৌফুলৰ বিক্ৰী ভাল হৈছে ৷ প্ৰতিজোপা ফুল 300-600 টকা পৰ্যন্ত বিক্ৰী হৈছে ৷ নিৰ্বাচনৰ প্ৰভাৱ বিহুৰ বজাৰত পৰিছে বুলিও জনাই বিক্ৰেতাসকলে ৷

উল্লেখ্য যে, ৰঙালী বিহুৰ উছাহৰ মাজতে 19 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ ৰাজ্যৰ 5 টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক দল সমূহে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান ৷

লগতে পঢ়ক : ৰঙালীৰ ৰঙেৰে সাজি উঠিছে বৰঝাৰ বিমান বন্দৰ - Bohag Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.