ETV Bharat / state

আগন্তুক চাৰি-পাঁচ দিনলৈ ৰাজ্য়ত ঠাইবিশেষে হ'ব পাৰে ধুমুহা - Assam Weather Forecast

author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 10:59 PM IST

Regional Meteorological Centre Guwahati
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ

Weather report :ৰাজ্যত পুনৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে ৷ দেওবাৰে গুৱাহাটী মহানগৰীত সৰ্বাধিক তাপমাত্ৰা আছিল ৩০.৭ চেলচিয়াছ ।

গুৱাহাটী, ২১ এপ্রিল : ব'হাগ বিহু পাৰ হোৱাৰ পাছতো যেন বৰদৈচিলা মাকৰ ঘৰলৈ যোৱা পৰ্ব শেষ হোৱা নাই । যাৰ বাবে ব'হাগ বিহুৰ আগে-পাছে অহা ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত ঘৰ -দুৱাৰ ভাঙি ক্ষতিসাধন হৈছে । আনহাতে, বিগত ২৪ ঘণ্টাত বৰষুণ অহাৰ লগতে ডাৱৰীয়া বতৰৰ বাবে তাপমাত্ৰা স্বাভাৱিকতকৈ বহুখিনি হ্ৰাস পোৱাত সাধাৰণ ৰাইজে গৰমৰ প্ৰকোপৰ পৰা কিছু সকাহ পাইছে । ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত আজি দিনৰ ভাগত সৰ্বাধিক তাপমাত্ৰা আছিল ৩০.৭ চেলচিয়াছ ।

একে সময়তে বিগত ২৪ ঘণ্টাত মাজে-সময়ে বৰষুণ হোৱা বাবে ৰাজ্যৰ বেচিভাগ ঠাইতে তাপমাত্ৰা স্বাভাবিকতকৈ ২ ৰ পৰা ৪ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত নামিছে । ইফালে, গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি ২৪ ঘণ্টাত ৰাজ্যৰ বেছিভাগ অঞ্চলতে কম -বেছি পৰিমাণে আৰু কিছু অঞ্চলত ধাৰাষাৰ পৰিমাণৰ বৰষুণ হৈছে । আজি সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত গোলাঘাট জিলাৰ সৰুপথাৰত অভিলেখ বৰষুণৰ ১৪ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে ।

একে সময়চোৱাত চেৰাপুঞ্জী আৰু মৌচিনৰামত হোৱা বৰষুণৰ পৰিমাণৰ মাত্ৰ ৪ চেণ্টিমিটাৰ আৰু ৪০ মিলিমিটাৰ । আনহাতে, বিগত ২৪ ঘণ্টাত গুৱাহাটীত হোৱা বৰষুণৰ পৰিমাণ আছিল ১ চেণ্টিমিটাৰ । অসমৰ বেচিভাগ অঞ্চলতে ১ ৰ পৰা ৩ চেণ্টিমিটাৰ পৰিমাণৰ আৰু কিছু কিছু অঞ্চলত ৩ ৰ পৰা ৫ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে ।

ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক চাৰি-পাঁচ দিনত ৰাজ্যৰ বেছিভাগ অঞ্চলতে আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ অঞ্চলতে কম-বেছি পৰিমাণে আৰু কিছু কিছু ভিতৰুৱা বা সীমান্তবৰ্তী অঞ্চলসমূহত গাজনী, ঢেৰেকনিৰ সৈতে ধুমুহা বতাহ আহিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে । আনকি কিছু কিছু অঞ্চলত ঘণ্টাত ৪০ ৰ পৰা ৫০ কিলোমিটাৰ গতিবেগত ধুমুহা বতাহ আহিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, আকাশ ডাৱৰীয়া হৈ মাজে মাজে বৰষুণ হোৱা বাবে আজিৰ দিনটোত মেঘালয়ৰ ৰাজধানী শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা অসমৰ যোৰহাট আৰু তেজপুৰ চহৰৰ প্ৰায় সমান হয় । আজি তিনিওখন চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৬.৫ ডিগ্ৰী চেলচিয়াছ ।

লগতে পঢ়ক:মেঘে ওন্দোলাই আনিছে ব’হাগৰ আকাশ; বিজুলী-ঢেৰেকনিৰে বৰষুণৰ সম্ভাৱনা - Assam Weather Forecast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.