ETV Bharat / state

ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ড৹ ৰবি কোটাই - New Chief Secretary of state

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 6:54 PM IST

New Chief Secretary Dr Ravi Kota
নতুন মুখ্য সচিব ড৹ ৰবি কোটা

New Chief Secretary : মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ তিনিমহীয়া বর্ধিত কার্যকালৰ আজি অন্ত পৰাৰ লগে লগে এই স্থানত ড৹ ৰবি কোটাই ল'লে দায়িত্ব । ২০২৬ চনৰ ৩০ এপ্ৰিলত ড৹ ৰবি কোটাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব ।

গুৱাহাটী, ৩১ মার্চঃ ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে আজি আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিলে ১৯৯৩ চনৰ অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া ড৹ ৰবি কোটাই । উল্লেখ্য যে বৰ্তমানৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ তিনিমহীয়া বর্ধিত কার্যকালৰ আজি অন্ত পৰে । তেওঁৰ স্থানত স্থলাভিষিক্ত কৰা বিত্ত বিভাগ, উদ্যোগ-বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড৹ কোটাই আজি মুখ্য সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে । ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে বিদায়ী মুখ্য সচিব পৱন বৰঠাকুৰৰ পৰা দায়িত্ব গ্ৰহণ ড৹ কোটাৰ ।

দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত ড৹ কোটাই আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে । উল্লেখ্য যে ৰাজ্যৰ কৰ্মচাৰী বিভাগে শনিবাৰে এক অধিসূচনাযোগে ৰবি কোটাক বিত্ত বিভাগৰ গুৰু দায়িত্বৰ পৰা অব্যাহতি দিছিল । অৱশ্যে মুখ্য সচিবৰ পদত অধিষ্ঠিত হোৱাৰ পিচতো তেওঁৰ হাতত উদ্যোগ-বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ দায়িত্ব থাকিব ।

মন কৰিবলগীয়া যে মুখ্য সচিব হিচাপে চৰকাৰী সকলো বিভাগৰ গৰাকী হোৱাৰ পিছতো নিৰ্দিষ্ট এটা চৰকাৰী বিভাগৰ ক্ষমতা তেওঁৰ হাতত থকাক লৈ প্রশ্ন উত্থাপন হৈছে । আজি মুখ্য সচিবৰ দায়িত্ব লোৱা ড৹ ৰবি কোটাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব ২০২৬ চনৰ ৩০ এপ্ৰিলত ।

ইফালে,তেওঁতকৈ জ্যেষ্ঠ কেডাৰৰ কেইবাজনো বিষয়া বঞ্চিত হ'বলগীয়া হোৱা বাবেই ৰবি শংকৰ প্ৰসাদ, চৈয়দ্দিন আব্বাচী আৰু আশিস কুমাৰ ভূটানীক ইতিমধ্যে বিশেষ মুখ্য সচিব হিচাপে পদমর্যাদা দিয়া হৈছে । উল্লেখ্য যে আজিৰ দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত চৰকাৰী ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:অৱসৰৰ পিচত ৰাজনীতিলৈ আহিব নেকি মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.