ETV Bharat / state

এগৰাকী ব্যতিক্ৰমী পূজাৰী : কিয় আনতকৈ পৃথক তেওঁ ? - Free Ambulance Service in Sootea

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 7:54 PM IST

Updated : Apr 4, 2024, 9:25 PM IST

Free Ambulance Service in Sootea: মন্দিৰৰ দান-বৰঙণিৰ টকাৰে এগৰাকী পূজাৰীয়ে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ ৷ কি কৰিলে তেওঁ ? জানিবলৈ পঢ়ক এই বাতৰি ৷

Free Ambulance Service in Sootea
মন্দিৰৰ দান-বৰঙণিৰ ধনেৰে এম্বুলেন্স ক্ৰয়

মন্দিৰৰ দান-বৰঙণিৰ ধনেৰে এম্বুলেন্স ক্ৰয়

বিশ্বনাথ, 4 এপ্ৰিল : নিজৰ আৰু পত্নীৰ প্ৰতিমূৰ্তিত সেৱা কৰা এজন ব্যতিক্ৰমী পূজাৰী আছে চতিয়াত ৷ নিজৰ প্ৰতিমূৰ্তিতো সেৱা কৰি চৰ্চিত হোৱা পূজাৰীগৰাকী এইবাৰ চৰ্চিত হৈছে আন এক প্ৰশংসনীয় কৰ্মৰ বাবে ৷ দৰিদ্ৰ পৰিয়ালৰ বাবে বিনামূলীয়া এম্বুলেন্সৰ ব্যৱস্থা কৰি চৰ্চিত হৈছে পূজাৰীগৰাকী ৷

মন্দিৰত থকা দেৱ-দেৱীৰ লগতে নিজৰ আৰু নিজৰ জীৱিত পত্নীৰ প্ৰতিমূৰ্তিত সেৱা কৰা পূজাৰীগৰাকী হ’ল চতিয়াৰ ঘিলাধাৰী নৈৰ সমীপত থকা পঞ্চমুখী হনুমান মন্দিৰ পূজাৰী ৷ পূজাৰীগৰাকীয়ে মন্দিৰৰ দান-বৰঙণিৰে এইবাৰ ক্ৰয় কৰিছে এখন এম্বুলেন্স ৷ বাবা ৰাম দাস সন্তজী মহাৰাজ নামৰ পূজাৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁক সপোনত ঈশ্বৰে নিৰ্দেশ দিয়াৰ ফলত দুখীয়াৰ বাবে ক্ৰয় কৰে এম্বুলেন্সখন ৷ ২০০৮ চনৰ পৰা মন্দিৰটোত জমা হোৱা দান-বৰঙনিৰ ধনেৰে এম্বুলেন্সখন ক্ৰয় কৰি ৰাইজলৈ উচৰ্গা কৰিছে বাবা ৰাম দাস সন্তজী মহাৰাজে ৷

বিশ্বনাথৰ ঘিলাধাৰী দলঙৰ কাষত থকা শিৱ গংগা ধাম পঞ্চমুখী হনুমান মন্দিৰৰ পুৰোহিতগৰাকীয়ে ক্ৰয় কৰা এই এম্বুলেন্সখনৰ জৰয়তে স্বাভাৱিকতেই উপকৃত হ’ব ৰোগীসকল ৷ ৰাম দাস সন্তজী মহাৰাজে জনাইছে যে যিসকল ৰোগীৰ সামৰ্থ আছে, তেওঁলোকে কেৱল তেল ভৰালেই পাব এই এম্বুলেন্স সেৱা ৷ আনহাতে যিসকল ৰোগীৰ সামৰ্থ নাই, বিনামূলীয়াকৈ অৰ্থাৎ তেল নভৰোৱাকৈয়ে এম্বুলেন্সখনৰ সেৱা লাভ কৰিবলৈ সক্ষম হ’ব ৷

জৰুৰীকালিন সময়ত এম্বুলেন্সখন প্ৰয়োজন হ’লে মন্দিৰ কৰ্তৃপক্ষৰ লগত 8486312848 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৰাম দাস সন্তজী মহাৰাজে ৷

উল্লেখ্য যে ৰাজস্থানৰ এজন লোকে মন্দিৰটো দৰ্শন কৰিবলৈ আহিছিল ৷ মন্দিৰটোত আশীৰ্বাদ গ্ৰহণৰ পিচতে লোকজন কোটিপতি হৈ পৰা বুলি উল্লেখ কৰিছে মন্দিৰটোৰ পূজাৰীগৰাকীয়ে ৷ তাৰ পিচতেই লোকজনেই পূজাৰীগৰাকীৰ লগতে পত্নীৰ প্ৰতিমূৰ্তি দুটা মন্দিৰটোৰ ঠিকনাত প্ৰেৰণ কৰে আৰু প্ৰতিমূৰ্তি দুটা মন্দিৰটোত স্থাপন কৰা হয় ৷

লগতে পঢ়ক: এখন ঘৰত তেজৰ ফাকু: থিতাতে মৃত্যু ২

Last Updated :Apr 4, 2024, 9:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.