ETV Bharat / state

সদনত বিভাগীয় মন্ত্ৰীৰ ওলোটা খৰ; আন্দোলনৰ ঘোষণা সদৌ অসম গাঁও পঞ্চায়ত সমন্বয়ক সন্থাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 12:12 PM IST

P&RD Contractual Employees: সদনত বিভাগীয় মন্ত্ৰীৰ ওলোটা খৰ ৷ স্তম্ভিত, অসন্তুষ্ট গ্রামোন্নয়ন বিভাগত কর্মৰত ঠিকাভিত্তিক কর্মচাৰী ৷ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে কৰ্মবিৰতি পালন কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ ৷

P&RD Contractual Employees
আন্দোলনৰ ঘোষণা সদৌ অসম গাঁও পঞ্চায়ত সমন্বয়ক সন্থাৰ

আন্দোলনৰ ঘোষণা সদৌ অসম গাঁও পঞ্চায়ত সমন্বয়ক সন্থাৰ

কলিয়াবৰ, ১৫ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত কর্মৰত ঠিকাভিত্তিক কর্মচাৰীক দিয়া মৌখিক প্ৰতিশ্ৰুতিৰ পাচতে সদনত বিভাগীয় মন্ত্ৰীৰ ওলোটা খৰ । স্তম্ভিত আৰু অসন্তুষ্ট ঠিকাভিত্তিক কৰ্মচাৰী । বিধানসভাত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাসে বিধায়ক নুৰুল হুদাৰ প্রশ্নৰ উত্তৰত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত কর্মৰত ঠিকাভিত্তিক কর্মচাৰী সন্দর্ভত দিয়া উত্তৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গাঁও পঞ্চায়ত সমন্বয়ক সন্থাই ।

অসম চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আঁচনি, যেনে – প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনা, বিত্তীয় আয়োগ, সামাজিক সুৰক্ষা, এনৰেগা আঁচনিৰ লগতে অৰুণোদয়, ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ডৰ দৰে সীমাহীন কৰ্ম ঠিকাভিত্তিক কর্মচাৰীৰ যোগেদিয়েই সমাপন কৰাই আহিছে যদিও এইসকল কৰ্মচাৰীৰ পাৰিতোষিক অতি নিম্ন তথা চাকৰিৰো নাই কোনো সুনিশ্চিত নিৰাপত্তা । বিভিন্ন সময়ত বিভাগ তথা বিভাগীয় মন্ত্রীয়ে পাৰিতোষিক বৃদ্ধিৰ লগতে চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ প্রতিশ্রুতি প্রদান কৰিছিল যদিও বর্তমান বিধানসভাৰ মজিয়াত ইয়াৰ সম্পূর্ণ বিপৰীত উত্তৰ প্ৰদান কৰাৰ লগে-লগে উক্ত আশ্বাস মিছা প্ৰতিপন্ন হ'ল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গাঁও পঞ্চায়ত সমন্বয়ক সন্থাই ।

সদনৰ মজিয়াত বিভাগীয় মন্ত্রীয়ে চুক্তি পত্রত স্বাক্ষৰৰ দোহাই দি পঞ্চায়তৰ ঠিকাভিত্তিক কর্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ নহয় বুলি ওলোটা খৰ মৰাৰ পিচতে পঞ্চায়ত কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । আগন্তুক নির্বাচনৰ আগতে পঞ্চায়তৰ এইসকল ঠিকাভিত্তিক কর্মচাৰীৰ পাৰিতোষিক বৃদ্ধি তথা চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে অসম গাঁও পঞ্চায়ত সমন্বয়ক সন্থাই । সন্থাৰ দাবী পূৰণ নহ'লে প্রতিবাদী কার্যসূচী ল'বলৈ বাধ্য হ'ব বুলি জনাইছে পঞ্চায়ত কৰ্মীসকলে ।

কলিয়াবৰতো বুধবাৰে পঞ্চায়ত কৰ্মীসকলে বিভাগীয় মন্ত্ৰীৰ ঘোষণাক প্ৰত্যাহ্বান জনাই ক্ষোভ প্ৰকাশ কৰে । ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত স্বীকৃতিপ্ৰাপ্ত অভিযন্তা, সহকাৰী গাণনিক, গ্ৰাম ৰোজগাৰ সহায়ক আদিকে ধৰি বহুকেইটা ঠিকাভিত্তিক পদৰ পাৰিতোষিকৰ তুলনাত ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ পাৰিতোষিক অধিক । যিটো ন্যায়সংগত নহয় বুলি অভিযোগ কৰে সন্থাটোৱে ।

লগতে পঢ়ক: মাননি নহয়,দৰমহা প্ৰদানৰ দাবীত উত্তাল চচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.