ETV Bharat / state

স্বাধীনতাৰ ৭৬ বছৰৰ পাচতহে ৰাইজে লাভ কৰিলে এখন লোহাৰ দলং - Bridge in Jonai

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 1:33 PM IST

Bridge in Jonai: আশাৰ ৰেঙণি বিয়পিছে জোনাইৰ এটা বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত । দেশে স্বাধীনতা লাভ কৰাৰ প্ৰায় ৭৬ বছৰৰ পাচত প্ৰথমবাৰলৈ চৰকাৰীভাৱে এখন দলং লাভ কৰি উৎফুল্লিত হৈ পৰিছে জোনাইৰ কেমি-ঐৰামঘাট অঞ্চলৰ ৰাইজ । দীৰ্ঘদিনৰ দাবীৰ অন্তত দলং লাভ কৰি ৰাইজ ধন্যবাদ জনালে জোনাই সমষ্টিৰ বিধায়কক ভূৱন পেগুক ৷
People happy after getting a dream bridge after 76 years of independence in Jonai
New bridge in Jonai (ETV Bharat Assam)

স্বাধীনতাৰ ৭৬ বছৰৰ পিছত লাভ কৰিলে লোহাৰ দলং (ETV Bharat Assam)

জোনাই, ৪ মে’ : দেশে স্বাধীনতা পোৱাৰ প্ৰায় ৭৬ বছৰৰ পাচতো এখন দলঙৰ অভাৱত হাহাকাৰ কৰিছিল জোনাইৰ সীমান্তৱৰ্তী অঞ্চলৰ কেবাখনো গাৱঁৰ ৰাইজে ৷ দলংখনৰ অভাৱত জোনাইৰ সীমান্তৱৰ্তী কেমি-ঐৰামঘাট অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে সাধাৰণ ৰাইজে বিশেষকৈ বাৰিষাৰ সময়ত যাতায়তৰ ক্ষেত্ৰত ভুগি আহিছে যমৰ যাতনা ৷

কেমি নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী কৰি বছৰ বছৰ ধৰি অঞ্চলতোৰ ৰাইজে বিভিন্ন মহলক বহু আবেদন-নিবেদন কৰি অহাৰ পিচতো কোনো গুৰুত্ব দিয়া নাছিল চৰকাৰ কিম্বা জনপ্ৰতিনিধিয়ে ৷ কিন্তু অৱশেষত জোনাইৰ বিধায়ক ভূৱন পেগুৱে ৰাইজৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই কেমি নদীৰ ওপৰত এখন লোহাৰ দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে ৷

স্বাধীনতাৰ প্ৰায় ৭৬ বছৰৰ পাচত চৰকাৰীভাৱে এখন দলং লাভ কৰাত বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে অঞ্চলটোৰ ৰাইজে ৷ দুয়োগৰাকীৰ প্ৰচেষ্টাত পলমকৈ হ'লেও চিলে বা কেমি নদীৰ ওপৰত এখন লোহাৰ দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাত উৎফুল্লিত হোৱা দেখা গৈছে সীমান্তৱৰ্তী কেমিবাসী ৰাইজক ৷

উল্লেখ্য যে বাৰিষাই হওক, খৰালিয়ে হওক, একাঠু পানী গচকি কেমি নদী পাৰ হৈ নিতৌ যাতায়াত অব্যাহত ৰাখিছিল কেমি, ঐৰামঘাট, জামপানী আদিৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁওবাসী ৰাইজে ৷ এনে সময়তে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বিকল্প হিচাপে এখন লোহাৰ দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাত ধন্যবাদ জ্ঞাপন কৰে অঞ্চলটোৰ ৰাইজে ৷ লগতে বাৰিষাৰ পূৰ্বে দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে ।

লগতে পঢ়ক : দিখৌ-ব্ৰক্ষ্মপুত্ৰ-দৰিকাৰ সংগমস্থলীত এজাক দুৰ্ভগীয়া শিক্ষাৰ্থী - Demand To Construct A Bridge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.