ETV Bharat / state

নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ; আহত 12

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 1:53 PM IST

Road accident in Numaligarh: গোলাঘাট জিলাৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত ৷ 12 জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত ৷ আহতসকলক চিকিৎসালয়ত ভৰ্তি ৷

Passenger bus lost control and fell into a ditch; several injured
নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ

গোলাঘাট, 20 মাৰ্চ: ৰাজ্যত বৃদ্ধি হৈছে পথ-দুৰ্ঘটনাৰ ঘটনা ৷ মঙলবাৰৰ নিশা গোলাঘাট জিলাৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । বিহাৰৰ পৰা ইম্ফল অভিমুখী এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ

জানিব পৰা মতে, যাত্ৰীবাহী বাছখনত ফল-মূলৰ লগতে যাত্ৰী কঢ়িয়াই ইম্ফল অভিমুখে গৈ আছিল বাছখন ৷ কিন্তু হঠাৎ গোলাঘাট জিলাৰ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবা থানাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছখন ৷ ইয়াৰ ফলত 12 জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে ৷

ঘটনাস্থলীত ততাতৈয়াকৈ নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হয় আৰু আহত লোকসকলক উদ্ধাৰ কৰি নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ MN-01-2087 ৷

লক্ষণীয় বিষয় যে, উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাত দিনক দিনে পথ-দুৰ্ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । প্ৰতিদিনে জিলাখনৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে সৰু-বৰ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাত কিছু লোকৰ মৃত্যু ঘটাৰ লগতে কিছুলোক চিৰদিনৰ বাবে ঘুণীয়া হোৱাও পৰিলক্ষিত হৈছে ।

বিগত মাহত ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিষ্ণু মন্দিৰৰ সমীপত স‍ংঘটিত হৈছিল ভয়ংকৰ পথ-দুৰ্ঘটনাৰ । এখন অচিনাক্ত বাহনৰ খুন্দাত এজন চাইকেল আৰোহী থিতাতে নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত কেইবা শতাধিক স্থানীয় ৰাইজ একগোট হৈ বিভিন্ন দাবীৰ সমৰ্থনত 39 নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰিছিল ।

লগতে পঢ়ক: নুমলীগড়ত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.