নুমলীগড়ত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - নুমলীগড়ত পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video


Published : February 3, 2024 at 10:46 PM IST
গোলাঘাট,৩ ফ্ৰেব্ৰুৱাৰী: গোলাঘাট জিলাৰ নুমলীগড় ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিষ্ণু মন্দিৰৰ সমীপত সংগঠিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন চাইকেল আৰোহী । দুৰ্ঘটনাত নিহত লোকজন নুমলীগড় চাহ বাগিচাৰ মিথুন তাঁতী বুলি জনিবপৰা গৈছে । উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত কেইবা শতাধিক স্থানীয় ৰাইজ উপস্থিত হৈ বহুসময় ধৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে ।
উত্তেজিত ৰাইজে উক্ত স্থানত শীঘ্ৰে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ লগতে বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু দুৰ্ঘটনা সংঘটিত কৰা বাহনখন কৰায়ত্ত কৰিবলৈ দাবী উত্থাপন কৰে । দুৰ্ঘটনাস্থলীত বৰ্তমান নুমলীগড় আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহন সন্ধানত অভিযান আৰম্ভ কৰে ।
লগতে পঢ়ক: হত্যাৰ সন্দেহ ! কোকৰাঝাৰ দীপলাই বিল এলেকাত উদ্ধাৰ দুটাকৈ মৃতদেহ