ETV Bharat / state

হত্যাৰ সন্দেহ ! কোকৰাঝাৰ দীপলাই বিল এলেকাত উদ্ধাৰ দুটাকৈ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 8:16 PM IST

Body Recovered in Kokrajhar : দীপলাই বিল এলেকাত শনিবাৰে বিয়লি উদ্ধাৰ দুটাকৈ মৃতদেহ ৷ এই ঘটনাক লৈ জিলাখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

Body Recovered in Kokrajhar
মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্য
মৃতদেহ উদ্ধাৰ

কোকৰাঝাৰ, 3 ফেব্ৰুৱাৰী : কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তবৰ্তী দীপলাই বিল এলেকাত শনিবাৰে বিয়লি দুটা মৃতদেহ উদ্ধাৰ হোৱাক লৈ জিলাখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ পৃথকে পৃথকে দীপলাই বিলৰ নিলগত উদ্ধাৰ হোৱা মৃতদেহ দুটা হ'ল কোকৰাঝাৰ জিলাৰে বালাঘাটৰ প্ৰদীপ কুমাৰ বসুমতাৰী (50)ৰ আৰু আনটো হ'ল ধুবুৰী জিলাৰ বিলাসীপাৰৰ কেজাইকাটা গাঁৱৰ মহম্মদ বাদশ্বাহ শ্বেখ (60) ৷ কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) পৃথ্বীৰাজ ৰাজখোৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

সমগ্ৰ ঘটনাটো সম্প্ৰতি ৰহস্যৰ আৱৰ্তত ৷ মৃতদেহ উদ্ধাৰ হোৱা দুয়োজন ব্যক্তি হত্যাৰ বলি হোৱাৰ সন্দেহ কৰা হৈছে ৷ কোনে কি কাৰণত, কেনেদৰে লোকদুজনক হত্যা কৰিলে সেয়া অদ্যপি পোহৰলৈ অহা নাই ৷ ইফালে মহম্মদ বাদশ্বাহ শ্বেখৰ পুত্ৰ চবিয়েৰ শ্বেখে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে তেওঁৰ পিতৃয়ে শাক -পাচলিৰ ব্যৱসায় কৰিছিল আৰু গাঁৱে-গাঁৱে গৈ শাক-পাচলি বিক্ৰী কৰিছিল ৷ কোনে কি কাৰণত তেওঁৰ পিতৃক হত্যা কৰিলে সেয়া তেওঁৰ বোধগম্য নহয় বুলি উল্লেখ কৰে ৷ চোকা অস্ত্ৰৰে তেওঁৰ পিতৃক হত্যা কৰা বুলি মন্তব্য কৰিছে চবিয়েৰ শ্বেখে ৷

আনহাতে ধুবুৰীৰ আক্ৰাছুৰ শিক্ষা সম্পাদক দিপুল চন্দ্ৰ ৰায়ে কয় যে শান্তিপূৰ্ণ ঠাইত এনে অনাকংক্ষিত ঘটনা নিতান্তই দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য ৷ অসম আৰক্ষীৰ প্ৰতি আস্থা আছে বুলি উল্লেখ কৰি এই ঘটনাৰ দোষীক অতি সোনকালে কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে তেওঁ ৷ দুয়োটা ঘটনা এক কিলোমিটাৰ দূৰত্বৰ ভিতৰত হোৱা আৰু দুয়োজনৰে একে স্থানত চোকা অস্ত্ৰৰে আঘাত কৰা ঘটনালৈ চাই ঘাতক একেজনেই বুলি সন্দেহ কৰা হৈছে ৷

প্ৰদীপ কুমাৰ বসুমতাৰী গাহৰি ব্যৱসায়ী আছিল আৰু অঞ্চলটোত অতি জনপ্ৰিয় আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনাটোত তৃতীয়পক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ধুবুৰীৰ আক্ৰাছুৰ শিক্ষা সম্পাদক দিপুল চন্দ্ৰ ৰায়ে ৷ ইফালে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) পৃথ্বীৰাজ ৰাজখোৱাই সদৰি কৰা মতে দুয়োটা মৃতদেহ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পোৱা গৈছে আৰু একেজনৰ দ্বাৰাই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ ঘটনাটোৰ তদন্ত অব্যাহত আছে আৰু অতি সোনকালেই সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) পৃথ্বীৰাজ ৰাজখোৱাই ৷

লগতে পঢ়ক : অনিমেষ ভূঞা হত্যাকাণ্ডৰ সৈতে জড়িত পাঁচ অভিযুক্তৰ জামিন লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.