ETV Bharat / state

অনিমেষ ভূঞা হত্যাকাণ্ডৰ সৈতে জড়িত পাঁচ অভিযুক্তৰ জামিন লাভ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 7:49 PM IST

Animesh Bhuyan Murder Case
মুকলি আকাশৰ তললৈ অনিমেষ ভূঞা হত্যাকাণ্ড পাঁচ অভিযুক্ত

Animesh Bhuyan Murder Case : ছাত্ৰ নেতা অনিমেষ ভূঞা হত্যাকাণ্ডৰ লগত জড়িত পাঁচ অভিযুক্তৰ জামিন লাভ ৷ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আজিকোপতি নহ’ল কাৰ্যকৰী ৷

যোৰহাট, 3 ফেব্ৰুৱাৰী : উদীয়মান ছাত্ৰ নেতা অনিমেশ ভূঞা হত্যাকাণ্ডৰে জঢ়িত 5 অভিযুক্তক জামিন প্ৰদান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ এই নিৰ্মম হত্যাকাণ্ডৰ সৈতে জড়িত ক্ৰমে মোহন দাস, বিতোপন দাস, অকনি ওৰফে সঞ্জু দাস, ৰাতুল দাস আৰু বিক্ৰম নামৰ অভিযুক্ত কেইটাই জামিন লাভ কৰিছে ৷ ইফালে এই ঘটনাৰ মূল অভিযুক্ত 'ক’লা ল'ৰা'ৰ ইতিমধ্যে আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হৈছে ৷

উল্লেখ্য যে, 2021 চনৰ 29 নৱেম্বৰত দিন দুপৰতে অসংখ্য মানুহে গিজগিজাই থকা যোৰহাট চহৰৰ মাজ মজিয়াত এদল মানৱৰূপী দানৱে সদৌ অসম ছাত্ৰ সন্ধাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল ৷ এই হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত এই হত্যাকাণ্ডৰ বিৰুদ্ধে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ ৷ ৰাজপথত এই ঘটনাৰ ন্যায় বিচাৰি আছুকে ধৰি বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ দোষীক শাস্তি প্ৰদানৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ কৰ্মী আৰু ৰাইজে প্ৰতিবাদেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ ক্ৰিয়া-প্ৰতিক্ৰিয়া তথা তীব্ৰ প্ৰতিবাদৰ মাজতে এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল‌ ৷

উল্লেখ্য যে যি গৰাকী ব্যক্তিক সহায় কৰিবলৈ গৈ অনিমেষে প্ৰাণ হেৰুৱাইছিল সেইগৰাকী ব্যক্তি ঘটনাৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক'লা ল’ৰাৰ পিতৃ মোহন দাস আছিল ৷ অভিযোগ অনুসৰি মদ্যপান কৰি স্কুটি চলাই যোৰহাট টাউনৰ পথত পৰি যোৱাৰ বাবেই অনিমেষ আৰু তেওঁৰ দুই সতীৰ্থই মোহন দাসক সহায়ৰ বাবে গৈছিল ৷ এই সহায়ৰ প্ৰতিদান হিচাপে ক'লা ল’ৰাৰ নেতৃত্বত থকা মানৱৰূপী কেইটামান দানৱে অনিমেষক প্ৰহাৰ কৰি হত্যা কৰিছিল ৷ আনহাতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আজিকোপতি পূৰণ নোহোৱাৰো বৰ্তমান অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : অৱশেষত আৰক্ষীৰ জালত আৱদ্ধ হ’ল ধুৰন্ধৰ মানস চলিহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.