ETV Bharat / state

আঞ্চলিকতাবাদ শক্তিশালী হ'লে ৰাজ্যবাসী সুৰক্ষিত হ'ব : অতুল বৰা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 4:11 PM IST

Lok Sabha Election 2024: অগপৰ মুখ্য কাৰ্যালয়ত অসমীয়া নবৱৰ্ষ আৰু ব'হাগ বিহুৰ প্ৰাকক্ষণত সাংবাদিকৰে মত-বিনিময় অনুষ্ঠানত অতুল বৰা আৰু কেশৱ মহন্ত ।কা ৰ ক্ষেত্রত অগপৰ স্থিতি ৰাইজে জানে । উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত অগপ-বিজেপিৰ সম্পৰ্ক অটুট আছে । ধুবুৰী আৰু বৰপেটাক লৈ আশাবাদী সভাপতি বৰা ।

Lok Sabha Election 2024
চিএএ বলৱৎ হোৱাৰ পিচত মাত্ৰ এজনেহে কৰিছে আবেদন

চিএএ বলৱৎ হোৱাৰ পিচত মাত্ৰ এজনেহে কৰিছে আবেদন

গুৱাহাটী,১২ এপ্ৰিল : নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা ৰ প্ৰসংগত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলালে অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰাই । মুখ্যমন্ত্রীয়ে কৈ আহিছে যে কা বলৱৎ কৰাৰ পিচত এজনেও আবেদন কৰা নাই । আজি সেই একেই কথা ক'লে অগপৰ সভাপতিগৰাকীয়েও । স্বাভাৱিকতে বিজেপিৰে মিত্রতাত আছে যেতিয়া তেওঁলোকৰ মতেই চলিব লাগিব আঞ্চলিকতাবাদী দলটো ।

শুকুৰবাৰে গুৱাহাটীৰ আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়ত অসমীয়া নবৱৰ্ষ আৰু ব'হাগ বিহুৰ প্ৰাকক্ষণত সাংবাদিকৰে মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । সেই অনুষ্ঠানতে কা ৰ প্ৰসংগত প্ৰশ্ন কৰাত মন্ত্রী অতুল বৰাই কয় যে কা ৰ ক্ষেত্রত অগপৰ স্থিতি ৰাইজে জানে । কা ক লৈ অগপই প্ৰতিবাদ কৰিছিল আৰু মন্ত্রীসভাৰ পৰা ওলাই আহিছিল আৰু পৰৱৰ্তী সময়ত মন্ত্রীসভাত অন্তৰ্ভুক্ত হৈছিল । ইয়াৰ পিচত ২০২১ চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ৰাইজে নিজৰ ৰায়দান দিছিল । গতিকে ইয়াক লৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বুলি মন্ত্রী বৰাই কয় ।

মন্ত্রী বৰাই লগতে কয় যে আইনখন কাৰ্যকৰী কৰা হ'ল যদিও মাত্ৰ এজন লোকে আবেদন কৰিছে । অগপ দলটো ৰাইজৰ লগতে আছে বুলি মন্তব্য কৰি মন্ত্রী বৰাই কয় যে এইবাৰ পুনৰ ৰাইজে নিজৰ ৰায়দানেৰে সেই কথা প্ৰমাণ কৰিব ।

কংগ্ৰেছ দলে কা ৰ প্ৰসংগত নিৰ্বাচনী ইস্তাহাৰত একো উল্লেখ নকৰিলে বুলি প্ৰকাশ কৰি মন্ত্রীগৰাকীয়ে কংগ্ৰেছৰ দুমুখীয়া স্থিতিক সমালোচনা কৰে । বৰ্তমান সময়ত ৰাইজে বিকল্পৰ সন্ধান কৰি অগপক পৃথকে বিচৰা সন্দৰ্ভত অপগৰ সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ লগত অগপৰ সম্পৰ্ক বহু পুৰণি । অগপ শাসনত থকা সময়তো কেন্দ্ৰত এনডিএ চৰকাৰৰে মিত্রত‍াত আছিল । গতিকে অগপই বিশ্বাসঘাতকতা নকৰে বুলি মন্তব্য কৰি মন্ত্রী বৰ‍াই কয় যে উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত তেওঁলোকৰ বিজেপিৰে সম্পৰ্ক অটুট আছে ।

লক্ষণীয় বিষয় যে দুবাৰকৈ শাসনত থকা অগপ দলটো যে বিপৰ্যয়ৰ সন্মুখীন নোহোৱাকৈ থকা নাই সেই কথা সভাপতিগৰাকীয়ে নিজ মুখে স্বীকাৰ কৰে । সভাপতিগৰাকীয়ে প্ৰত্যক্ষভাৱে নক'লেও এই কথা সকলোৰে জ্ঞাত যে আঞ্চলিকতাবাদী দলটো আজি বিজেপিৰ ছত্রছায়াতে বৰ্তি আছে । বিজেপি অবিহনে অগপ কাৰ্যতঃ শক্তিহীন সেই কথা বিগত দিনবোৰৰ পৰিস্থিতিয়ে কৈ আহিছে ।

সভাপতি বৰাই লগতে কয় যে প্ৰতিটো সমষ্টিতে অগপৰ শিপা আছে আৰু সেই শিপা শক্তিশালী কৰা হ'ব । বৰাই কয় যে অগপ শক্তিশালী হ'লে আঞ্চলিকতাবাদ শক্তিশালী হ'ব আৰু আঞ্চলিকতাবাদ শক্তিশালী হ'লে ৰাজ্যবাসী সুৰক্ষিত হ'ব । ইফালে ধুবুৰী সমষ্টিৰ প্ৰসংগত মন্ত্রী বৰাই কয় যে ধুবুৰীৰ পৰিৱেশ এতিয়া সুকীয়া । জৰা-ফুকাৰ ৰাজনীতি কৰি বদৰুদ্দিন আজমল দুবাৰ জয়ী হৈছিল যদিও এইবাৰ হ'ব নোৱাৰে । আনহাতে কংগ্ৰেছৰ বিভাজনৰ ৰাজনীতি কামত নাহে । ভূপেন বৰাৰ বিভাজন আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ দোকানখন এইবাৰ চিৰদিনৰ বাবে বন্ধ হৈ যাব বুলিও মন্ত্রী বৰাই কয় ।

উল্লেখ্য যে ধুবুৰী সমষ্টিত অগপৰ প্ৰাৰ্থী হিচাপে জাভেদ ইছলাম অৱতীৰ্ণ হৈছে । বৰপেটা সমষ্টিৰ প্ৰসংগত মন্ত্রীগৰাকীয়ে কয় যে বৰপেটাত ফলাফল খুব ভাল হ'ব । সমষ্টি পুনৰনিৰ্ধাৰণৰ পাচত ইয়াৰ সীমা আৰু জনগাঁঠনিৰ যথেষ্ট সলনি হৈছে । ৮ বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে । ব্যক্তি হিচাপে ফণীভূষণ চৌধুৰীৰ গ্ৰহণযোগ্যতা আছে বুলি প্ৰকাশ কৰি বৰপেটাত ভালদৰে জয়ী হোৱাৰ আশা ব্যক্ত কৰে মন্ত্রী বৰাই ।

বৰপেটাত চি পি আই এম ফেক্টৰ নহয় বুলিও উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে বিৰোধী ঐক্যবদ্ধ হ'ব নোৱৰাটো অগপৰ বাবে সহায়ক হ'ব । সাংবাদিকৰে মত-বিনিময়ত মন্ত্রী বৰাই ৰাজ্যবাসীক বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে । ২০২৪ বৰ্ষটোত অগপৰ ৰাজনৈতিক শক্তি বৃদ্ধি হ'ব বুলি সদৰী কৰি মন্ত্রীগৰাকীয়ে কয় যে এনডিএৰে মিত্রতাত থাকি দুখনকৈ আসনত অগপই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু দুয়োখনতে অগপ আৰু মিত্রদলে ব্যাপক প্ৰচাৰ অভিযান চলাই আহিছে ।

১৭ এপ্ৰিলত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী নলবাৰীলৈ আহিব আৰু বৰপেটাৰ অগপৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাব । এনডিএ অপ্ৰতিৰুদ্ধ বুলি সদৰী কৰি মন্ত্রী বৰ‍াই কয় যে মোদীৰ নেতৃত্বত পুনৰ উন্নয়নৰ নতুন দিগন্তৰ সূচনা হ'ব । আনুষ্ঠানত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই কয় যে দেশে মোদীৰ নেতৃত্বত নতুন ৰূপত নতুন চৰকাৰ পাব । অনুষ্ঠানত অগপৰ কেইবাগৰাকী নেতা উপস্থিত আছিল ।

লগতে পঢ়ক :কা বিৰোধী আন্দোলন ফাঁকিৰ ওপৰত হৈছিল, আন্দোলনকাৰীয়ে উত্তৰ দিব লাগিব: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.