ETV Bharat / state

ফৰকাল আকাশত ওলাল ঈদৰ জোন, পুৱাই মছজিদ প্ৰাংগনত সমাপন ঈদৰ সমূহীয়া নামাজ - Eid Ul Fitr 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 11:33 AM IST

Eid Ul Fitr 2024 : ঈদ-উল-ফিটৰ ৷ বিশ্বজুৰি পালন কৰা হৈছে ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ এই উৎসৱটি ৷ প্ৰেম, ভাতৃত্ব বোধ, বিশ্ব শান্তিৰ বাণী লৈ ইছলাম ধৰ্মালম্বী লোকসকলে বিশ্বৰ ভিন্ন প্ৰান্তত পালন কৰিছে এই উৎসৱটি ৷

বিশ্ব শান্তিৰ কামনাৰে পুৱাই মছজিদ প্ৰাংগনত সমাপন ঈদৰ সমূহীয়া নামাজ
বিশ্ব শান্তিৰ কামনাৰে পুৱাই মছজিদ প্ৰাংগনত সমাপন ঈদৰ সমূহীয়া নামাজ

ঈদ-উল-ফিটৰ

গুৱাহাটী/বিহপুৰীয়া, ১১ এপ্ৰিল : আজি ঈদ-উল-ফিটৰ বা ঈদুল ফিতৰ ৷ আৰৱী ভাষাত ইয়াৰ অৰ্থ ৰোজা ভঙাৰ দিৱস ৷ প্ৰেম, ভাতৃত্ব বোধ, বিশ্ব শান্তিৰ বাণী লৈ ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰে এই পবিত্ৰ ঈদ উল ফিটৰ । সমগ্ৰ বিশ্বৰ লগতে দেশজুৰি ইছলাম ধৰ্মালম্বী লোকসকলে আজি উদযাপন কৰিছে পবিত্ৰ ঈদ ।

ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱ আছে ৷ এটা হৈছে ঈদ-উল-ফিটৰ বা ঈদুল ফিতৰ, আনটো হৈছে ঈদ-উল-জুহা । ধৰ্মীয় পৰিভাষাত ইয়াক ‍ইয়াউমুল জাএজ‍, অৰ্থাৎ পুৰস্কাৰৰ দিৱস হিচাপেও গণ্য কৰা হয় ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সাতগাঁও জামে মছজিদৰ প্ৰাংগনতো আজি পুৱা কেইবাশতাধিক লোকে সমূহীয়াকৈ আদায় কৰে ঈদৰ নামাজ । লগতে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে । বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা সমূহীয়া নামাজৰ বাবে ইমামতী কৰে সাতগাঁও জামে মছজিদৰ ইমাম আমিনুল হকে ।

মছজিদৰ নামাজ স্থলীৰ পৰাই ৰাজ্যবাসীৰ লগতে সমগ্ৰ বিশ্বৰ মংগল কামনা কৰি সকলোৰে মাজত শান্তি সম্প্ৰীতিৰ এনাজৰী ডাল অটুট থকাৰ বাবে আল্লাহৰ ওচৰত সমূহীয়া দোৱা কৰে । ঈদ উল ফিটৰত নাথাকে ধনী দুখীয়াৰ পাৰ্থক্য । নাথাকে কোনো ভেদাভেদ । ভাতৃত্ববোধ আৰু সম্প্ৰতিৰ চানেকি হৈছে এই ঈদ উল ফিটৰ ।

বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ এমহীয়া ৰমজান মাহৰ সামৰণিত বিশ্বৰ তথা দেশৰ আন ৰাজ্যৰ লগতে আজি লখিমপুৰ জিলাৰ বিহপুৰীয়াতো ঈদ উল ফিটৰৰ সমূহীয়া নামাজ আদায় কৰা হয় । বিহপুৰীয়া নগৰৰ সমূহীয়া ঈদগাহ ময়দানত সমূহীয়া নামাজত অংশ গ্ৰহণ কৰে বিহপুৰীয়াৰ মুছলমান ধৰ্মী লোকসকলে ৷

লগতে পঢ়ক : ঈদ উল ফিটৰ পালনৰ তাৎপৰ্য - Eid Ul Fitr 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.